আইতাকৰ ঘৰত ফুৰিবলৈ গৈ কঁপিলীত গা ধুবলৈ গৈছিল কৰণ, এতিয়াও সন্ধানহীন ৯ বছৰীয়া শিশুটি...

News18 Assam | News18-Assam
Updated:July 19, 2021, 6:31 PM IST
আইতাকৰ ঘৰত ফুৰিবলৈ গৈ কঁপিলীত গা ধুবলৈ গৈছিল কৰণ, এতিয়াও সন্ধানহীন ৯ বছৰীয়া শিশুটি...
কঁপিলী নদীত গা ধুবলৈ নামি নিখোজ হৈ থকা শিশুজন হোজাইৰ শংকৰ পাঁছোৱানৰ পুত্ৰ কৰণ ৰাম পাঁছোৱান বুলি জানিব পৰা গৈছে।

কঁপিলী নদীত গা ধুবলৈ নামি নিখোজ হৈ থকা শিশুজন হোজাইৰ শংকৰ পাঁছোৱানৰ পুত্ৰ কৰণ ৰাম পাঁছোৱান বুলি জানিব পৰা গৈছে।

  • Share this:
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি শিলডুবিৰ কঁপিলী নদীত সোমবাৰে বিয়লি ৯ বছৰীয়া এটি শিশু নিৰুদেশ হৈ পৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।কঁপিলী নদীত গা ধুবলৈ নামি নিখোজ হৈ থকা শিশুজন হোজাইৰ শংকৰ পাঁছোৱানৰ পুত্ৰ কৰণ ৰাম পাঁছোৱান বুলি জানিব পৰা গৈছে।

শিশুজনে পৰিয়ালৰ লোকৰ সৈতে খেৰণিৰ আইতাৰ ঘৰত ফুৰিবলৈ যোৱাৰ পিছত গা ধুবলৈ কঁপিলী নদীত নমাত পানীত ডুব গৈ  নিখোজ হৈ পৰে।ইতিমধ্যে স্থানীয় ৰাইজে কঁপিলী নদীত শিশু জনৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে যদিও  বৰ্তমানলৈ লৈকে শিশু জনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।
Published by: Kokil Sarma
First published: July 19, 2021, 6:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি