হোজাই জিলাৰ লামডিং সমষ্টিৰ উদালিৰ ফুলতলীস্থিত কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসক–নাৰ্ছক কৰা আক্ৰমণৰ বাবে আৰক্ষীয়েও ততালিকে ঘটনাৰ তদন্ত কৰি ঘটনাৰ নিশা আৰু পৰ্যায়ক্ৰমে এই মুহূৰ্তলৈকে দুগৰাকী মহিলা, দুগৰাকী নাবালকসহ মুঠ ২৮ অভিযুক্তক কৰিছিল গ্ৰেপ্তাৰ। ইয়াৰ কেইবাগৰাকীক জেল–হাজোতত ৰখাৰ লগতে আৰক্ষীৰ জিম্মাত থকা ৯ অভিযুক্ত আৰু নিৰীক্ষণত ৰখা দুই নাবালক অভিযুক্তসহ মুঠ ১১ গৰাকী অভিযুক্তক বুধবাৰে পুনৰ লংকা আৰক্ষীয়ে শংকৰদেৱ নগৰ ন্যায়িক আদালতত হাজিৰ কৰায়। ইয়াৰে ৯গৰাকী অভিযুক্তক আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
আনহাতে দুই নাবালকৰ জন্মৰ প্ৰমাণ পত্ৰ আদালতত নিৰীক্ষণ হোৱাৰ পিছত তেওঁলোক নাবালক বুলি প্ৰমাণ হোৱাত আদালতে দুই অভিযুক্তক যোৰহাটৰ নাবালক কাৰাগাৰলৈ প্ৰেৰণ কৰে। আজিৰ পৰা উদালি কাণ্ডত গ্ৰেপ্তাৰ কৰা ২৮ অভিযুক্তই ইতিমধ্যে ন্যায়িক জিম্মাত আছে যদিও আৰক্ষীয়ে কেতিয়ালৈ অভিযোগনামা দাখিল কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে উক্ত ঘটনাত জড়িত বাকী আৰু চাৰি গৰাকী অভিযুক্ত পলাতক হৈ থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান আছে অব্যাহত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|