অবৈধ প্ৰেমিকাক লগ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল যুুৱক, আৰক্ষীক গতাই দিয়া যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হোজাই দেৱস্থানত প্ৰেমিকাক বিচাৰি যোৱা যুৱকৰ চাঞ্চল্যকৰ মৃত্যু
হোজাই দেৱস্থানত প্ৰেমিকাক বিচাৰি যোৱা যুৱকৰ চাঞ্চল্যকৰ মৃত্যু
- News18 Assam
- Last Updated: April 6, 2021, 3:37 PM IST
অভিযোগ অনুসৰি, মৃত আব্দুছ শ্বাহিদ নামৰ যুৱকজনৰ দেৱস্থানৰ বৰবালী গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু পিছত শ্বাহিদ বিবাহিতা বুলি জানিব পাৰি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে মোৰাঝাৰত গোচৰ তৰিছিল।
তিনি চাৰিটাকৈ সন্তান থকা যুৱক জনৰ বিৰুদ্ধে গোচৰ চলি থকা অৱস্থাত পুনৰ যোৱা নিশা প্ৰেমিকা গৰাকীক লগ ধৰিবলৈ যাওতেই স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে যুৱকজনক ধৰি বান্ধি আৰক্ষীক খবৰ দিয়ে। আৰু পৰৱৰ্তী সময়ত দেৱস্থান উপ আৰক্ষী চকীত খবৰ দি আৰক্ষীক গটাই দিয়ে ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ গতিত তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক এই মুহূৰ্তলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ ইফালে মৃতদেহটোৰ শৰীৰত আঘাতৰ চিন আছে বুলি দাবী কৰিছে স্থানীয় ৰাইজে।