‘বাবাৰ খুব বেমাৰ, এবাৰ আহি চাই যোৱা’ – অবৈধ প্ৰেমিকৰ সৈতে পলাই যোৱা পত্নীক স্বামীৰ ফোন, তাৰ পিছত...

পোন্ধৰ দিন পূৰ্বে অবৈধ প্ৰেমে পালে চূড়ান্ত পৰ্যায়। নিজৰ সংসাৰ এৰি অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল দুই সন্তানৰ মাতৃগৰাকী।

News18-Assam
Updated:September 22, 2019, 10:28 AM IST
‘বাবাৰ খুব বেমাৰ, এবাৰ আহি চাই যোৱা’ – অবৈধ প্ৰেমিকৰ সৈতে পলাই যোৱা পত্নীক স্বামীৰ ফোন, তাৰ পিছত...
পোন্ধৰ দিন পূৰ্বে অবৈধ প্ৰেমে পালে চূড়ান্ত পৰ্যায়। নিজৰ সংসাৰ এৰি অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল দুই সন্তানৰ মাতৃগৰাকী।
News18-Assam
Updated: September 22, 2019, 10:28 AM IST
হোজাইত পৰকীয়া প্ৰেমৰ এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। স্বামী–সন্তানক এৰি অন্য এজন বিবাহিত পুৰুষৰ সৈতে পলায়ন কৰা এগৰাকী মহিলাক ৰাইজে ধৰি দিলে লপা-থপা। হোজাইৰ সাগৰ বস্তিত সংঘটিত হৈছে এই ঘটনা।

তেলিবস্তিৰ নিবাসী সুজিত দেৱনাথ নামৰ লোকজনৰ লগত বিগত সাত মাহ ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল এগৰাকী দুই সন্তানৰ মাতৃৰ। পত্নীৰ অবৈধ প্ৰেমৰ কথা স্বামীয়ে জানিব পাৰিছিল যদিও সন্তানৰ কথা চিন্তা কৰি মৌনতা অৱলম্বন কৰিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চাৰি মাহত তিনিবাৰকৈ ভাৰাঘৰ সলাইছিল স্বামীয়ে। কিন্তু তাৰ পিছতো পৰপুৰুষৰ সৈতে পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক শেষ হোৱা নাছিল।

পোন্ধৰ দিন পূৰ্বে অবৈধ প্ৰেমে পালে চূড়ান্ত পৰ্যায়। নিজৰ সংসাৰ এৰি অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল দুই সন্তানৰ মাতৃগৰাকী। স্বামীয়ে সন্তানৰ বেমাৰ হোৱা বুলি কৌশলেৰে মাতি আনে মহিলাগৰাকীক। পলায়ন কৰা মহিলাগৰাকী হোজাই ৰে’ল ষ্টেচনত উপস্থিত হোৱাত দুয়োটা পৰিয়ালৰ লোকে কৰায়ত্ত কৰে যদিও সুজিত দেৱনাথ পলাই যাবলৈ সক্ষম হয়।

আনহাতে, মহিলাগৰাকীয়ে সুজিতৰ সৈতে পলাই গৈ গোলাঘাটৰ কোনো স্থানত থকাৰ কথা স্বীকাৰ কৰিছে। লগতে স্বামীয়ে ফোন কৰি মাতি অনা বুলিও প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি