হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰে দাঙি ধৰিছে মানৱতাৰ উৎকৃষ্ট নিৰ্দশন।
ক'ৰোণা মহামাৰীৰ বাবে তচনচ হৈ পৰিছে জনজীৱন।পৰিৱৰ্তন আহি পৰিছে জনসাধাৰনৰ জীৱন শৈলীতো।দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ জীৱনলৈয়ো নামি পৰিছে কঠোৰ প্ৰত্যাহ্বান।
ভিক্ষাবৃত্তিৰে এসাজ আহাৰ যোগাৰ কৰা বহু লোকে এতিয়া অশেষ কষ্টৰ মাজেৰে সময় অতিবাহিত কৰিছে।ইয়াৰ মাজতে হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰে দাঙি ধৰিছে মানৱতাৰ উৎকৃষ্ট নিৰ্দশন।
মঙলবাৰে আবেলি কৰ্তব্যৰ উদ্দেশ্যৰে ওলাই অহাৰ সময়ত হোজাইৰ পুৰণি বজাৰৰ পুলিচ পইণ্টৰ চুকত বহি থকা এগৰাকী মাস্কবিহীন মহিলাক প্ৰত্যক্ষ কৰিছিল বিষয়াজনে।ইয়াৰ পিছত বিষয়াজনে গাড়ীৰ পৰা নামি গৈ এখন মাস্ক দিয়াৰ লগতে মহিলা গৰাকীক খোৱাৰ বাবে বিস্কুট ,পানী আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰি দিয়ে।
সদায় সমালোচিত হোৱা আৰক্ষীৰ পোচাকৰ মাজতো যে মানৱতা জীয়াই আছে তাৰে এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰে বিষয়াজনে ।ইপিনে খোৱাৰ কিছু সামগ্ৰী পাই মহিলাগৰাকীও সেই স্থানৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হয়।ইয়াৰ পিছত বিষয়া জনে পুৰণি বজাৰ আৰু নতুন বজাৰত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে মাস্ক বিতৰণ কৰি ৰাইজক ক'ৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|