হোজাইত আজিও অব্যাহত আছে বানৰ বিভীষিকা পৰিবেশ। বানপানীত পৃথক স্থানত দুটা মৃতদেহ উদ্ধাৰ। এবুকু পানীৰ মাজেৰে গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ।
হোজাইত আজিও অব্যাহত আছে বানৰ বিভীষিকা পৰিবেশ। বানপানীত পৃথক স্থানত দুটা মৃতদেহ উদ্ধাৰ। এবুকু পানীৰ মাজেৰে গৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ।
হোজাইত আজিও অব্যাহত আছে বানৰ বিভীষিকা পৰিবেশ। হোজাইৰ বহু অঞ্চলত পানী কমিছে যদিও এতিয়াও নামনি অঞ্চলত কেইবাখনো গাঁও আছে পানীৰ কৱলত ।ইয়াৰ মাজতে মঙ্গলবাৰে পুৱাই হোজাইৰ পৃথক স্থানত বানপানীৰ মাজত উদ্ধাৰ হৈছে দুটাকৈ মৃতদেহ।
পুৱাই যোগীজান শঙ্খা দেৱী অঞ্চলৰ বাঢ়নি পানীত এটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰে যোগীজান পহৰা চকীৰ আৰক্ষীযে।উক্ত শিশুটিৰ মৃতদেহটো ৰাইকটা অঞ্চলত সংঘটিত নাও দুৰ্ঘটনাত নিৰুদেশ হোৱা ৮ বছৰীয়া মাহীৰা বেগম বুলি আৰক্ষীয়ে চিনাক্তকৰিছে । ইয়াৰ পিছত পুনৰ হোজাই থানাৰ অন্তৰ্গত ফৰেষ্ট ভিলেচ অঞ্চলত বাঢ়নী পানীৰ মাজত আন এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰে হোজাই আৰক্ষীয়ে। মৃতদেহটো এজোপা গছত লাগি থকা অৱস্থাত অঞ্চলটোৰ লোকে প্ৰত্যক্ষ কৰি অৱগত কৰে আৰক্ষীক।ইপিনে মৃতদেহটো উদ্ধাৰৰ বাবে যোৱাৰ কোনো শুকান পথ নথকাত হোজাই থানাৰ টাউন উপ পৰিদৰ্শক দণ্ডধৰ চৌধুৰীযে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এগৰাকী কনিষ্টবলক লগত লৈ তীব্ৰ সোত থকা এবুকু পানীৰ মাজেৰে গৈ মৃতদেহটো উদ্ধাৰ কৰি নিজেই পনীৰ মাজেৰে টানি আনি বান নোহোৱা স্থানলৈ আনে।ইপিনে মৃতদেহ উদ্ধাৰৰ পিছতো মৃত ব্যক্তিগৰাকীৰ লাভ কৰা নাই কোনো পৰিচয়।আৰক্ষীয়ে যুৱকজন বাঢ়নী পানীত পৰি মৃত্যু হোৱাৰ আশংকা কৰিছে ।অন্যহাতে আৰক্ষী বিষয়া নিজৰ কৰ্তব্যৰ বাবে এবুকু পানীত নামি মৃতদেহ উদ্ধাৰ কৰা কাৰ্যক হোজাইবাসীয়ে কৰিছে প্ৰশংসা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|