চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪জন অভিযুক্তক হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ এই ঘটনা সন্দৰ্ভত শীঘ্ৰে দাখিল কৰা হ'ব অভিযোগনামা। এই কথা ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে চিনাক্ত কৰা অপৰাধীসকলৰ তালিকা :
১. মঃ কামাৰুদ্দিন
২. মঃ জৈনালুদ্দিন
৩. মঃ ৰাহানুদ্দিন
৪. চাইফুল আলম
৫. ৰহিমুদ্দিন
৬. ৰিজুল ইছলাম
৭. তাইবুৰ ৰহমান
৮. ৰহিমুদ্দিন
৯. আব্দুল কালাম
১০. নুৰজুল ইছলাম
১১. আব্দুল গুমি
১২. দিলৱাৰ হুছেইন
১৩. আব্দুল হুছেইন
১৪. আনোৱাৰ হুছেইন
১৫. ইক্ৰামুল হুছেইন
১৬. আলিমুদ্দিন
১৭. জামিল আহমেদ
১৮. চাহিল ইছলাম
১৯. চৰিফুদ্দিন
২০. চাফিকুদ্দিন
২১. মতিবুৰ ৰহমান
২২. মিছ মিচবা বেগম
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত লিখিছে, ‘‘মই ব্যক্তিগতভাৱে এই তদন্ত নিৰীক্ষণ কৰি আছো আৰু সকলো দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিছোঁ৷’’
উল্লেখযোগ্য যে মানৱ সেৱাৰ মানসৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল ডাঃ সেউজ কুমাৰ সেনাপতিয়ে। কিন্তু কৰ্মজীৱনৰ দ্বিতীয় দিনটোতে নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ মানৱৰ পাশৱিকতাৰ বলি হ'ল সেউজ। নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ সেউজে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক হিচাপে সোমবাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু মঙলবাৰৰ দিনটোত এজন মৃত কোভিড ৰোগীৰ আত্মীয় তথা একাংশ আদিম মানসিকতাৰ জঘন্য লোকৰ পাশৱিক আক্ৰমণৰ বলি হৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে চিকিৎসকগৰাকী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|