ক্ৰীড়াক্ষেত্ৰ নে যুদ্ধক্ষেত্ৰ। ক্ৰীড়াক্ষেত্ৰ যুদ্ধক্ষেত্ৰলৈ পৰ্যবসিত হ'ল লামডিঙত। দেওবাৰে হোজাই জিলাৰ লামডিঙৰ শ্ৰীমা ভৱনত অনুষ্ঠিত হোৱা হোজাই জিলা ক্ৰীড়া সন্থাৰ নিৰ্বাচন স্থগিত হয়। বাৰ্ষিক সাধাৰণ সভাখন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা সভাগৃহ যথেষ্ট উত্তপ্ত হৈ পৰিছিল।
হোজাই জিলা ক্ৰীড়া সন্থাৰ একাংশ কৰ্মকৰ্তাই সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ আৰু সম্পাদক কমল দত্তৰ পাঁচ বছৰৰ বিত্তীয় খেলিমেলিৰ অভিযোগ তুলিছিল। বিত্তীয় খেলিমেলিৰ অভিযোগতেই এটা ফৈদে পৰিস্থিতি উত্তপ্ত কৰি তোলে, লগতে নতুনকৈ কেইজনমান লোকক সন্থাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰো বিৰোধিতা কৰাত সৃষ্টি হয় অধিক উত্তেজনাৰ।
ইয়াৰ মাজতে এটা ফৈদে দালালি নচলিব আদি শ্লোগান দিয়া পৰিলক্ষিত হয়। উল্লেখযোগ্য যে উক্ত সভাৰ পৰ্যবেক্ষক হিচাপে অসম অলিম্পিক সন্থাৰ উপ–সভাপতি প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু তপন দাস উপস্থিত আছিল। সভাখন উত্তপ্ত হৈ পৰাত সন্থাৰ সদস্যসকলে নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখে। এই ঘটনাক লৈ এতিয়াও মুখ খোলা নাই সভাপতি অথবা সম্পাদকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|