• Home
  • »
  • News
  • »
  • assam
  • »
  • এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা, হোজাই জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিক গ্ৰেপ্তাৰ

এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা, হোজাই জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিক গ্ৰেপ্তাৰ

বিজেপি কৰ্মীয়ে লংকা থানাত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি

বিজেপি কৰ্মীয়ে লংকা থানাত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি

বিজেপি কৰ্মীয়ে লংকা থানাত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি

  • Share this:
হোজাইত জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰীক গ্ৰেপ্তাৰ। লংকাৰ এগৰাকী মহিলাক ধনৰ লোভ দেখুৱাই ঘৰত মাতি আনি ধৰ্ষণ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় হোজাই জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সভাপতি কমৰুল হক চৌধুৰীক ।

উল্লেখ্য যে, মহিলা গৰাকীৰ স্বামীয়ে কমৰুল হকৰ পৰা পাবলগীয়া আছিল ৩৫ হাজাৰ টকা। সেইমৰ্মে টকা খিনি উভতাই দিয়াৰ বাবে ১১মে’ত মহিলাগৰাকীক কমৰুলে ঘৰলৈ মাতি অনাৰ পিছত কোঠা বন্ধ কৰি ধৰ্ষণৰ অপচেষ্টা চলোৱা বুলি মহিলা গৰাকীয়ে লংকা থানাত দাখিল কৰে এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত লংকা আৰক্ষীয়ে ৩৭৬/৫১১/৫০৬ ধাৰাত ২১৯/২০নম্বৰত এক গোচৰ ৰুজু কৰি চৌধুৰীক গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰায়।

ইপিনে কমৰুলক থানালৈ অনাৰ সময়তে একাংশ বিজেপি কৰ্মীয়ে আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ পৰিস্থিতি উত্তপ্ত কৰি তুলে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি