
মিছন ভূমিপুত্ৰৰ মাধ্যমেৰে প্ৰশাসনে এই প্ৰমাণপত্ৰসমূহ প্ৰদান কৰে
মিছন ভূমিপুত্ৰৰ মাধ্যমেৰে প্ৰশাসনে এই প্ৰমাণপত্ৰসমূহ প্ৰদান কৰে
অসম চৰকাৰৰ অভিলাষী আঁচনি সমূহৰ ভিতৰত অন্যতম মিছন ভূমিপুত্ৰৰ মাধ্যমেৰে আজি ১৬ নবেম্বৰ তাৰিখে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়ি থকা অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মুঠ ৪২৮২ জন ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তাৰে ভিতৰত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস ডাঙৰীয়াই আনুষ্ঠানিকভাৱে প্ৰমান পত্ৰ প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত মানস জ্যোতি নাথ, সহকাৰী আয়ুক্ত উপাসনা দত্ত, বিদ্যালয় সমুহৰ প্ৰধান শিক্ষক সকলৰ লগত জিলা প্ৰশাসন আৰু জিলা কল্যাণ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|