হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা৷ আজি দিনটোৰ আৰম্ভণিতে এঘণ্টাত হোজাই চহৰত ১১ জনৰ গাত ক'ভিড ধৰা পৰে৷ ইয়াৰে ১১ জনক নীলবাগান ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে৷
হোজাই জিলাত আজি ৭১ জন ক'ভিড পজিটিভ চিনাক্ত হয় । হোজাই জিলাখনৰ ডবকা, নীলবাগান, জয়নগৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত সামাজিক দুৰত্ব মানি নচলা, মাক্স পৰিধান নকৰা, বজাৰত ক'ভিড আক্ৰান্ত ৰোগীয়ে মুকলিকৈ ঘূৰি ফুৰা আদি কাৰণত হোজাইত ক'ভিডৰ গণ সংক্ৰমণৰ আশংকা হৈছে৷ সমাগত ঈদৰ বাবে হোজাইৰ এই অঞ্চল সমূহৰ বজাৰ হাতত অসম্ভৱ ভিৰ পৰিলক্ষিত হয় । ক'ভিড নীতি নিয়ম নমনা গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ এই কাৰ্যৰ ফলত সমাগত দিনত হোজাইত ব্যাপক হাৰত গণ সংক্ৰমণ হোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে ।
ইফালে আজিৰে পৰা হোজাইত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ বয়সৰ ব্যক্তিৰ মাজত ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আজি হোজাই এফ আৰ ইউ ৰ জৰিয়তে স্থানীয় ৰবীন্দ্ৰ বিদ্যালয় আৰু যুগল কিশোৰ কেডিয়া ভৱনত আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ইতিমধ্যে অনলাইন মাধ্যমেৰে নিজৰ নাম অন্তৰ্ভূক্ত কৰা সকলৰ মাজৰ পৰা প্ৰতিটো কেন্দ্ৰত ২০০ গৰাকী লোকক আজি প্ৰতিষেধক প্ৰদান কৰা হয় । কাইলৈও এই দুই স্থানত পুনৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি এফ আৰ ইউ ৰ অধীক্ষক বাসুদেৱ মালাকাৰে জনাইছে ।
আনহাতে হোজাই জিলাত ভেকচিন ক'ত ক'ত কেনেকৈ দিয়া হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অসম চৰকাৰে ভেকচিন সম্পৰ্কত এখন তালিকা ৰাজহুৱা কৰিছিল । সেই তালিকাত হোজাই জিলাৰ বাবে থকা 8638445647 নম্বৰত হোজাইৰ সচেতন নাগৰিকে ফোন কৰি জানিব বিচাৰে যদিও কোনো উত্তৰ লাভ নকৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : May 08, 2021, 08:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।