• Home
  • »
  • News
  • »
  • assam
  • »
  • এজন অটোচালকৰ মহানুভৱতা, পথত পৰি থকা অৱস্থাত পাইছিল বৃহৎ পৰিমাণৰ ধন, প্ৰকৃত গৰাকীক ঘূৰাই দিবলৈ কাষ চাপিল সংবাদ মাধ্যমৰ

এজন অটোচালকৰ মহানুভৱতা, পথত পৰি থকা অৱস্থাত পাইছিল বৃহৎ পৰিমাণৰ ধন, প্ৰকৃত গৰাকীক ঘূৰাই দিবলৈ কাষ চাপিল সংবাদ মাধ্যমৰ

টকাভৰ্তি পাৰ্চটো প্ৰকৃত গৰাকীয়ে যাতে ঘূৰাই পায় তাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিল লোকজন।

টকাভৰ্তি পাৰ্চটো প্ৰকৃত গৰাকীয়ে যাতে ঘূৰাই পায় তাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিল লোকজন।

টকাভৰ্তি পাৰ্চটো প্ৰকৃত গৰাকীয়ে যাতে ঘূৰাই পায় তাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিল লোকজন।

  • Share this:
হোজাইৰ এজন অটোচালকৰ মহানুভৱতা। অটোচালকজনৰ নাম মহম্মদ মফিজুল ইছলাম। হোজাইৰ ৰাইকাটা ইছলামপুৰ গাঁৱত ঘৰ অট চালক মফিজুলৰ। মফিজুলে ৰাজপথত পাইছিল মহিলাৰ টকাভৰ্তি এটা পাৰ্চ। পাৰ্চটোত আছিল বহু পৰিমাণৰ টকা। কিন্তু সেই টকালৈ লোভ নকৰি সেয়া প্ৰকৃত গৰাকীক ঘূৰাই দিব বিচাৰিছে মফিজুলে। টকাভৰ্তি পাৰ্চটো প্ৰকৃত গৰাকীয়ে যাতে ঘূৰাই পায় তাৰ বাবে সংবাদ মাধ্যমৰ কাষ চাপিল লোকজন।

হোজাই আৰু ৰাইকাটা ইছলামপুৰ গাঁৱৰ মাজত নিজা AS-02AC-3877 নম্বৰৰ যাত্ৰী কঢ়িওৱা অটোখন চলায় মফিজুল ইছলামে। অইন দিনাৰ দৰে বুধবাৰে পুৱাই অটোখন লৈ ওলাই আহিছিল মফিজুল। হোজাইৰ পৰা ৰাইকাটা গাঁৱলৈ যাত্ৰী কঢ়িৱাই যোৱাৰ বাটত বিষ্ণুপুৰ গাঁৱৰ ৰাজপথত মহিলাৰ পাৰ্চ এটা পৰি থকা প্ৰত্যক্ষ কৰি অটোচালক মফিজুল ইছলামে বুটলি লৈছিল পাৰ্চটো। পিছত পাৰ্চটোত দেখা পাইছিল বৃহৎ পৰিমাণৰ ধনৰাশি।মুঠৰ ওপৰত পাৰ্চটোত আছে পাঁচশ টকীয়াকে ধৰি আৰু অন্যান্য বহু নোট। কিন্তু অটোচালক মফিজুল ইছলামে সেই ধনলৈ লালসা নকৰি উক্ত বেগ ঘূৰাই দিবলৈ কাষ চাপিছে সংবাদমাধ্যমৰ।

প্ৰকৃত গৰাকী আৰু সঠিককৈ বেগত থকা টকাখিনি কব পৰা জনকহে ঘূৰাই দিব উক্ত বেগটো। মফিজুলৰ এই মহানুভৱতাক প্ৰশংসা কৰিছে বহুজনে।
Published by:Sanjay Kumar Das
First published: