• Home
  • »
  • News
  • »
  • assam
  • »
  • Dalal Raj in Doboka : এজন মণ্ডলৰ তিনিজনকৈ দালাল, মণ্ডলৰ ৭০০০ দালালৰ ৩০০০ ৰেট! চক্ৰ বিষয়াৰ নামতো দালালে খায় টকা, ডবকা ৰাজহ চক্ৰ বিষয়াক অভিযোগ অগপ নেতাৰ

Dalal Raj in Doboka : এজন মণ্ডলৰ তিনিজনকৈ দালাল, মণ্ডলৰ ৭০০০ দালালৰ ৩০০০ ৰেট! চক্ৰ বিষয়াৰ নামতো দালালে খায় টকা, ডবকা ৰাজহ চক্ৰ বিষয়াক অভিযোগ অগপ নেতাৰ

Dalal Raj in Doboka : এজন মণ্ডলৰ অধীনত কমেও তিনিজনকৈ দালাল নিয়োগ কৰা থাকে বুলি অভিযোগ কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। চৌধুৰীয়ে আনকি ইমানলৈ  কয় যে তেওঁৰ নিজৰ কামৰ বাবেও হেনো দালাল ধৰিব লগা হৈছিল।

Dalal Raj in Doboka : এজন মণ্ডলৰ অধীনত কমেও তিনিজনকৈ দালাল নিয়োগ কৰা থাকে বুলি অভিযোগ কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। চৌধুৰীয়ে আনকি ইমানলৈ  কয় যে তেওঁৰ নিজৰ কামৰ বাবেও হেনো দালাল ধৰিব লগা হৈছিল।

Dalal Raj in Doboka : এজন মণ্ডলৰ অধীনত কমেও তিনিজনকৈ দালাল নিয়োগ কৰা থাকে বুলি অভিযোগ কৰিছে ৰেজাউল কৰিম চৌধুৰীয়ে। চৌধুৰীয়ে আনকি ইমানলৈ  কয় যে তেওঁৰ নিজৰ কামৰ বাবেও হেনো দালাল ধৰিব লগা হৈছিল।

  • Share this:
হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰ বিষয়া (Circle Officer)ৰ কাৰ্যালয়ত আজি হোজাই জিলাৰ অসম গণ পৰিষদৰ  সভাপতি ৰেজাউল কৰিম চৌধুৰীৰ নেতৃত্বত এটা সজাতি দলে চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলা অৰাজকতা, দালাল ৰাজ (Dalal Raj in Doboka)আৰু ভূ মাফিয়াৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰি  ডবকাত দালাল ৰাজ অৱসানৰ বাবে চক্ৰ বিষয়াক আবেদন জনায়।

অগপৰ হোজাই জিলাৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে অভিযোগ কৰা মতে হোজাই জিলাৰ প্ৰতিটো চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলসকলৰ নেতৃত্বত গঢ় লৈ উঠিছে দালাল ৰাজ আৰু ভু মাফিয়াৰ বৃহৎ বৃহৎ চক্ৰ। যাৰ বাবে মাটি-বাৰীৰ কামৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগিছে সৰ্বসাধাৰণ ৰাইজে । চৌধুৰীয়ে অভিযোগ কৰা মতে মণ্ডলসকলক ৰাইজে চিনি নাপায়। দুখীয়া ৰাইজে মণ্ডলসকলক  দালালৰ বাবে লগ ধৰিব নোৱাৰে। এজন মণ্ডলৰ অধীনত কমেও তিনিজনকৈ দালাল নিয়োগ কৰা থাকে বুলি অভিযোগ কৰিছে চৌধুৰীয়ে। চৌধুৰীয়ে আনকি ইমানলৈ  কয় যে তেওঁৰ কামৰ বাবেও হেনো দালাল ধৰিব লগা হৈছিল।

চৌধুৰীয়ে আকৌ কয়, দালাল (Dalal or Middleman) অবিহনে কোনো কাম নাহয় ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত, একো একোটা কামত মণ্ডলৰ নামত ৭ হাজাৰ টকা, দালালৰ নামত ৩ হাজাৰ টকাকৈ লয়।

ৰাজহ চক্ৰ বিষয়া দিপ্তী গগৈক অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীয়ে কয় যে বিষয়াগৰাকীৰ নামতো হেনো তেওঁৰ কাৰ্যালয়তে টকা লয় দালালে। ডবকাৰ বহু দুখীয়া লোকৰ মাটি একাংশ মণ্ডলৰ সহযোগত ভূ-মাফিয়াই দখল কৰি আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে নেতা গৰাকীয়ে।

দালালক টকা নিদিলে মাহৰ পিছত মাহ ফাইল পৰি থকাৰো অভিযোগ কৰে চৌধুৰীয়ে। কাৰ্যালয়ত আবেদন কৰিলেও আবেদন কপি কাৰ্যালয়ৰ পৰা হেৰাই যায় বুলি অভিযোগ কৰি কয় যে আকৌ টকা দিলে ফাইল উলিয়াই দিয়ে একাংশ কৰ্মচাৰীৰ দালালে। বহু লোকে বিভিন্ন কাৰণত মাটি বিক্ৰী কৰিবলৈ অনুমতি বিচাৰি আবেদন কৰাৰ পিছত একাংশ মণ্ডলে  অইন লোকৰ হতুৱাই বিক্ৰী কৰা মাটিৰ মালিকৰ বিৰুদ্ধেও অভিযোগ দিয়াৰ কথা অৱগত কৰে চক্ৰ বিষয়াক।  যি কোনো আবেদনৰ নামত ১৫০০ টকা ৰেট ফিক্সড কৰি দিছে হেনো একাংশ মণ্ডলে। এই অভযোগ অঘফ নেতাজনৰ
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি