মুখ্যপৃষ্ঠা »খবৰ »অসম »মৰণফাণ্ডলৈ পৰিণত হোজাইৰ অধিকাংশ পথ ! গাড়ী চলাচল কৰিলেই সোমাই গাতত, চাওক ঘাইপথৰ জৰাজীৰ্ণ ৰূপ ...

মৰণফাণ্ডলৈ পৰিণত হোজাইৰ অধিকাংশ পথ ! গাড়ী চলাচল কৰিলেই সোমাই গাতত, চাওক ঘাইপথৰ জৰাজীৰ্ণ ৰূপ ...

হোজাইত অধিকাংশ বাট পথ মৰণফাণ্ডলৈ পৰিণত হৈছে। সম্প্ৰতি গাড়ী গলেই যেন গাতত আবদ্ধ হয়। হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঘাইপথৰ দূৰৱস্থা।

হোজাইত অধিকাংশ বাট পথ মৰণফাণ্ডলৈ পৰিণত হৈছে। সম্প্ৰতি গাড়ী গলেই যেন গাতত আবদ্ধ হয়। হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী ঘাইপথৰ দূৰৱস্থা।

  • Share this:
বানৰ পিছত হোজাইত অধিকাংশ বাট পথেই হৈ আছে যাতায়তৰ অনুপযোগী।মুঠৰ ওপৰত হোজাইৰ ঘাইপথ ,উপপথ আদি এতিয়া পথ নে মৰনফাণ্ড তাকে ধৰা হৈ পৰিছে টান।

বিশেষকৈ হোজাই লোক নিৰ্মান বিভাগৰ  গাফিলতিৰ বাবে এতিয়া হোজাইৰ জৰাজীৰ্ণ পথবোৰৰ মেৰামতি নোহোৱাত  দুৰ্ভোগ ভুগিছে পথচাৰী।ইয়াৰ মাজতে আজি পুৱাই বানে খহাই নিয়া হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী জৰাজীৰ্ণ মূল পথৰ পুখুৰী সদৃশ গাতত সোমাই কেইবাখনো বাহন আবদ্ধ হৈ পৰাত  সমস্যাত পৰে পথচাৰী।ইপিনে  জৰাজীৰ্ণ  পথৰ বাবে গাতত সোমাই বাহন আবদ্ধ হোৱাৰ ফলত হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী উক্ত পথছোৱাত ঘণ্টা ঘণ্টা আবদ্ধ  হৈ পৰে বহু বাহন।অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ট্ৰেক্টৰ আৰু জেচিবি হতুৱাই গাঁতত আবদ্ধ হোৱা বাহন বোৰ উদ্ধাৰ কৰি  পথ মোকলাই দিয়া দেখা যায়।উল্লেখযোগ্য যে উক্ত পথেৰে নিতৌ চোৰাং বালি ,ৰাবিচ আদি ডাম্পাৰৰ জৰিয়তে সৰবৰাহ হৈ থকাৰ ফলত পথছোৱা যাতায়তৰ বাবে অধিক অনুপযোগী হৈ উঠা বুলি ৰাইজে কৰিছে অভিযোগ।

শেহতীয়া বাতৰি