মুখ্যপৃষ্ঠা »খবৰ »অসম »Amit Shah: খানাপাৰাত মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক সাধুবাদ অমিত শ্বাহৰ 

Amit Shah: খানাপাৰাত মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক সাধুবাদ অমিত শ্বাহৰ 

সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা কংগ্ৰেছক খানাপাৰাত তুলা-ধুনা গৃহমন্ত্ৰী শ্বাহৰ 

সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা কংগ্ৰেছক খানাপাৰাত তুলা-ধুনা গৃহমন্ত্ৰী শ্বাহৰ 

সংসদ ভৱনৰ কাৰ্যসূচী বৰ্জন কৰা কংগ্ৰেছক খানাপাৰাত তুলা-ধুনা গৃহমন্ত্ৰী শ্বাহৰ 

  • Share this:
অসম চৰকাৰে বৃহস্পতিবাৰে খানাপাৰাত প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৷ চৰকাৰে আয়োজন কৰা বৃহৎ নিযুক্তি মেলাত উপস্থিত থাকি গৃহমন্ত্ৰী অমিত শ্বাহে সাধুবাদ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ৷ সাধুবাদ দিলে চৰকাৰৰ মিত্ৰদল সমূহকো ৷

অনুষ্ঠানৰ প্ৰথমটো ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) ভাৰ্চুৱেলী ৰাজ্যবাসীক সম্বোধন কৰে। ৰাজ্যৰ নানা উন্নয়নৰ বিষয়ে উল্লেখ কৰি তেওঁ কেইদিনমান পূৰ্বে বিহুৰ গীনিজ ৰেকৰ্ড উপলক্ষে অহাৰ বিষয়েও প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত অনুষ্ঠানত উপস্থিত থকা গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ দিবলৈ আহি ক'লে,  ‘‘নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা দল বিজেপি ৷ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰস্তাৱৰ সময়তো বহুত চৰ্চা হৈছিল আমাৰ আলোচনা কক্ষত ৷ মই সুধিছিলোঁ হিমন্ত বিশ্বক, ৮৬ হাজাৰ হ'ল ঠিকেই বাকী ১৪ হাজাৰ কি হ'ব? হিমন্ত বিশ্ব শৰ্মাই কৈছে অহা ছয়মাহত বাকী নিযুক্তিও হৈ যাব ৷’’

গৃহমন্ত্ৰী শ্বাহে লগতে ক'লে, ‘‘অশান্ত অসম শান্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰচেষ্টা লৈছে ৷ অত্যাধুনিক বগীবিল দলং নিৰ্মাণ কৰি অসমক উপহাৰ দিছে ৷ আকৌ যেতিয়া মই আহিম তেতিয়ালৈ নিৰ্বাচনত দিয়া এটা এটা প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব ৷ পূৰ্বৰ চৰকাৰে নিজৰ মানুহক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু বিজেপি চৰকাৰে দুখীয়াক মেধাৰ ভিত্তিত নিযুক্তি দিছে ৷ অশান্ত অসমক বিকশিত কৰাৰ কাম প্ৰথমে সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰি আছে ৷ সেয়ে আপোনালোকে যিয়ে সেৱাৰ সুবিধা পায় দৰিদ্ৰক সহায় কৰিব লাগিব ৷ ইয়াত পূৰ্বে কংগ্ৰেছৰ চৰকাৰ আছিল, কংগ্ৰেছৰ সময়ৰ অশান্ত অসম এতিয়া শান্তিময় ৷’’

এই অনুষ্ঠানতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে গৃহমন্ত্ৰী শ্বাহে ৷ কংগ্ৰেছৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠান বাতিলক লৈ শ্বাহে ক'লে, ‘‘কংগ্ৰেছ দল আৰু সহযোগীসকলে সংসদ ভৱন উন্মোচন বৰ্জন কৰিছে কংগ্ৰেছে এয়া ৰাষ্ট্ৰপতিক অপমান কৰা বুলি কৈছে ৷ কিন্তু ছত্তীশগড়ত কংগ্ৰেছৰ ছোনীয়া গান্ধী, ৰাহুল গান্ধীয়ে ভূমিপূজন কৰিলে ৰাজ্যপালক নামাতিলে ৷ ঝাৰখণ্ডতো হেমন্ত ছোৰেনে ৰাজ্যপালক নামাতিলে ৷ অসমতো তৰুণ গগৈয়ে, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুত কংগ্ৰেছে বিধানসভা ভৱন মুকলিত ৰাজ্যপালক নিমন্ত্ৰণ কৰা নাছিল ৷ যেতিয়া কংগ্ৰেছে কৰে সকলো ঠিক, বিজেপিয়ে কৰিলে কোপদৃষ্টি পৰে ৷ কংগ্ৰেছ দলে বৰ্জন কৰিলেও একো নহয় ৷ সমগ্ৰ দেশৰ জনতাৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আছে ৷’’

শেহতীয়া বাতৰি