• Home
  • »
  • News
  • »
  • assam
  • »
  • নোহোৱা হ'ব মেট্ৰিক পৰীক্ষা, নাথাকিব মেট্ৰিক পৰীক্ষাৰ কোনো গুৰুত্বঃ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰথম মূল পৰীক্ষা কি হ'ব?

নোহোৱা হ'ব মেট্ৰিক পৰীক্ষা, নাথাকিব মেট্ৰিক পৰীক্ষাৰ কোনো গুৰুত্বঃ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰথম মূল পৰীক্ষা কি হ'ব?

কাৰ্বি আংলঙত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। দিনে নিশাই নিৰ্বাচনী প্রচাৰত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী।

কাৰ্বি আংলঙত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। দিনে নিশাই নিৰ্বাচনী প্রচাৰত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী।

কাৰ্বি আংলঙত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। দিনে নিশাই নিৰ্বাচনী প্রচাৰত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী।

  • Share this:
''নোহোৱা হ'ব মেট্ৰিক পৰীক্ষা। নাথাকিব কোনো গুৰুত্ব মেট্ৰিক পৰীক্ষাত। ছাত্ৰ- ছাত্ৰীৰ জীৱনৰ প্ৰথম  মূল পৰীক্ষা হ'ব কেৱল  হায়াৰ চেকেণ্ডাৰীৰ পৰীক্ষাহে।''- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কাৰ্বি আংলঙত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ। দিনে নিশাই নিৰ্বাচনী প্রচাৰত ব্যস্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আজি  নুমলীগড়ৰ কাষৰীয়া কাৰ্বি আংলং দেইথৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত  অংশগ্ৰহণৰ বাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

কাৰ্বি আংলঙৰ স্বায়ত্ত শাসিত পৰিষদৰ দুৱাৰ বাগৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিচাৰ্ড তকবিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে।  এই  সভাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীক মেট্ৰিক পৰীক্ষাৰ বিষয়ক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে নতুন শিক্ষাবৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাৰ কোনো গুৰুত্ব নাথাকিব বুলি জানিবলৈ দিয়াৰ লগতে, ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ মূল পৰীক্ষা এতিয়া মেট্ৰিকৰ পৰিৱৰ্তে হায়াৰ চেকেণ্ডাৰী পৰীক্ষাহে হ'ব বুলি এক তাপযপূৰ্ণ মন্তব্য কৰে।

প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰা এই সভাত মন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে  বিত্ত মন্ত্ৰী অজন্তা  নেওগ, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধানসভাৰ  উপাধ্যক্ষ নুমল মুমিনসহ বহু কেইজন বিজেপিৰ নেতাই।
Published by:Himangshu Bhuyan
First published: