বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত আৰু দুৰ্গা পূজা!

News18 Assam | News18-Assam
Updated:October 22, 2020, 6:07 PM IST
বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত আৰু দুৰ্গা পূজা!
প্ৰতিপদ তিথিৰ বিজয়া দশমীলৈ বিল্বেশ্বৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা৷

প্ৰতিপদ তিথিৰ বিজয়া দশমীলৈ বিল্বেশ্বৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা৷

  • Share this:
ৰজা নাগেক্ষৰ দিনতে স্থাপিত হৈছিল বুলি প্ৰবাদ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়৷ শৈৱ শক্তিপীঠ হিচাপে খ্যাত দেৱালয়খনত আছে হিন্দুধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি৷ নলবাৰীৰ বেলশৰত অৱস্থিত দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান৷

ঐতিহাসিক দেৱালয়খনে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো৷ যি সাঁকোৱে আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেঁটি৷ ঐতিহ্য পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা ৷ এই প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল৷

তদুপৰি দেৱালয়ৰ কামত নিয়োজিত কৰিবলৈ মুছলমান লোকসকলক প্ৰদান কৰিছিল হুজুৰী উপাধি৷ তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা৷ আনকি ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালীৰ এক অংশ প্ৰদান কৰা হয় মুছলমান লোকসকলক৷

একপ্ৰকাৰ ক’ব পাৰি বিল্বেশ্বৰ দেৱালয়ে এনে এক হিন্দুধৰ্মীয় তীৰ্থস্থান য’ত হিন্দুসকলৰ লগতে মুছলমান লোকেও সমানে মন্দিৰৰ কাৰ্যত আগভাগ লয়৷ পূৰ্বতে ৰজাই প্ৰদান কৰা ভূমিসমূহ আছিল কৰ মুক্ত৷ কিন্তু বৰ্তমান চৰকাৰে সেই লোকসকলৰ পৰা সংগ্ৰহ কৰে মাটিৰ খাজনা৷

সময় সলনি হ’ল৷ কিন্তু সলনি নহ’ল দেৱালয়ৰ লগত জড়িত হিন্দু-মুছলমান লোকসকলৰ মাজত থকা ঐক্যৰ এনাজৰীডাল৷ পূৰ্বৰ দৰে সেই একেই একতাৰ এনাজৰীৰে বান্ধ খাই আছে দুয়োটা ধৰ্মৰ লোকসকল৷ যিয়ে দেৱালয়খনৰ মৰ্যাদা বৃদ্ধিৰ লগতে জন সমাজলৈ বিয়পাই দিছে সম্প্ৰীতিৰ বাৰ্তা৷

আনহাতে, প্ৰবাদ আছে যে এসময়ত এঘৰ মানুহৰ আছিল এজনী গাইগৰু৷ গৰুজনীয়ে প্ৰায়ে বেলশৰৰ এটি নিৰ্দিষ্ট এলেকালৈ আহি স্বতঃস্ফুৰ্তভাৱে গাখীৰ দিছিলহি৷ ঘটনাৰ পম খেদি গৰুৰ গৰাকীয়ে আহি দেখে তাত এজোপা বিৰিণা আছে৷ মাটি খন্দাৰ পিছত উক্ত ভূমিতে উদ্ধাৰ হয় এটি শিৱলিংগ৷ কোৰেৰে খন্দাৰ ফলত এছোৱা ভাঙি যায় লিংগটোৰ৷ এয়া পুৰণি প্ৰবাদ অনুসৰি প্ৰচলিত মন্দিৰৰ অন্তৰালৰ কাহিনী৷ আৰু এনেবোৰ ঐতিহাসিক কাহিনীৰ আলম লৈয়ে আজিও দেৱালয়খনত নৱৰাত্ৰি পূজা অনুষ্ঠিত হৈ আহিছে৷

প্ৰতিপদ তিথিৰ বিজয়া দশমীলৈ বিল্বেশ্বৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা৷ অৱশ্যে বিল্বেশ্বৰৰ পূজাত নাথাকে মৃন্ময় মূৰ্তি৷ ইয়াৰ পৰিৱৰ্তে ৰামকল গছৰ পুলিক দেৱী সজাই কৰা হয় পূজা–অৰ্চনা৷ প্ৰতিপদ তিথিৰ পৰাই দেৱালয়ত চলে বলি প্ৰথা৷ বিশেষকৈ নৱমী পূজাৰ দিনা হয় ৰাজহুৱা ম’হ বলি৷

অৱশ্যে এইবাৰ কোভিড প্ৰটকল মানি দেৱালয়ত নহয় ৰাজহুৱা ম’হ বলি৷ মাত্ৰ পৰম্পৰা ৰক্ষা কৰি ৰাইজৰ মংগলৰ বাবে দেৱালয় কৰ্তৃপক্ষই বলি আগবঢ়াব৷ ইপিনে ষষ্ঠী পূজাৰ দিনটোতে ৰামকলৰ পুলিটোক দেৱী সজাই দোলাত লৈ আদৰি আনে ভক্ত সকলে৷ এইদৰে ঐতিহাসিক বিল্বেশ্বৰ দেৱালত আৰম্ভ হৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা অৰ্চনা৷
Published by: Sanjay Kumar Das
First published: October 22, 2020, 6:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading