ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এজোপা গছ, য'ত এসময়ত নিমৰ্মভাৱে হত্যা কৰা হৈছিল বহু অসমীয়াক!

News18 Assam | News18-Assam
Updated:January 12, 2021, 8:33 AM IST
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এজোপা গছ, য'ত এসময়ত নিমৰ্মভাৱে হত্যা কৰা হৈছিল বহু অসমীয়াক!
এই গছজোপাৰ ওচৰতে ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই বহু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু প্ৰতিবছৰেই কাষৰিগাঁৱৰ এই ঠাইটুকুৰাত হোৱা দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল।

এই গছজোপাৰ ওচৰতে ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই বহু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু প্ৰতিবছৰেই কাষৰিগাঁৱৰ এই ঠাইটুকুৰাত হোৱা দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল।

  • Share this:
১৮১২ খ্ৰীষ্টাব্দত মানৰ অসম আক্ৰমণৰ সময়ছোৱাত হোৱা অবৰ্ণনীয় অত্যাচাৰৰ কাহিনী শুনিলে এতিয়াও সকলোৰে বুকু কঁপি উঠে। অসমীয়া জাতিৰ ওপৰত তাহানিতে মানে কৰা অত্যাচাৰৰ কাহিনীয়ে আজিও মানৰ প্ৰতি অসমীয়াৰ বুকুত হয়তো ক্ষোভৰ অগ্নি জীয়াই ৰাখিছে। শুনিবলৈ পোৱা যায়, অত্যাচাৰী মানে হেনো সেইসময়ত অসমীয়া মানুহৰ তেজেৰে নৈ বোৱাইছিল। জীয়াই জীয়াই মানুহ জ্বলাই দিছিল। ঘৰ-সম্পত্তি পুৰি ছাৰখাৰ কৰিছিল। মানে মানুহক গছৰ ডালত ওলমাই তলৰ পৰা জাগ দি নিমৰ্মভাৱে হত্যা কৰিছিল।

তেনে বহু ভয়ংকৰ কাহিনী হয়তো সকলোৱে শুনিছে। বিশেষকৈ গছত ওলমাই জাগ দি মানুহক হত্যা কৰাৰ কথা শুনিলে হয়তো সকলোৰে বুকু কঁপি উঠে। নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ কাষৰিগাঁৱৰ এজোপা গছতো মানে মানুহক জাগ দিয়াৰ কাহিনী বিভিন্ন মানুহৰ মুখত শুনিবলৈ পোৱা যায়। আলফা(স্বাধীন)ৰ বৰ্তমানৰ সভাপতি ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকাৰ পুৰণিগুদাম কাষৰিগাঁওস্থিত ঘৰৰ সন্মুখতে থকা এজোপা শিমলু গছত হেনো মানে মানুহক জাগ দিছিল।

আশ্বৰ্যজনক ভাৱে, এই গছজোপাৰ ওচৰতে ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই বহু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু প্ৰতিবছৰেই কাষৰিগাঁৱৰ এই ঠাইটুকুৰাত হোৱা দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছিল। এনে দুৰ্ঘটনাবোৰৰ কাৰণো বহু লোকে এই গছজোপা বুলিয়ে ক'ব বিচাৰিছিল। কিন্তু এই গছজোপাক বহুতে কালিকালগা গছ হিচাপে ক'ব বিচৰাৰ বিপৰীতে এই গছজোপা কিন্তু বহু প্ৰকৃতিপ্ৰেমীৰ বাবে আদৰৰ। কাৰণ এইজোপা গছে বছৰ বছৰ ধৰি আশ্ৰয়প্ৰদান কৰি আহিছে ক্ৰমাৎ বিলুপ্তপ্ৰায় হ'বলৈ ধৰা বৰটোকোলা চৰাইক। এইজোপা গছত বাস কৰা বৰটোকোলা চৰাই চাবলৈ এবাৰ হ'লেও ৰ'বলৈ বাধ্য হয় উজনি-নামনিলৈ অহা যোৱা কৰা বহু যাত্ৰী। বহু বিশ্বমানৰ ফটোগ্ৰাফাৰৰ বাবে আকৰ্ষণ এইজোপা গছ।

কিন্তু আৰু কিছূদিনৰ পিচতে হয়তো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা চিৰদিনৰ বাবে নাইকীয়া হ'ব এইজোপা শিমলু গছ। কাৰণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে কাটিব লাগিব এইজোপা গছ। আশ্ৰয়হীন হ'ব বছৰ বছৰ ধৰি এইজোপা গছত বাস কৰা বৰটোকোলাৰ কেইবাটাও পৰিয়াল। বিলুপ্তপ্ৰায় বৰটোকোলাৰ প্ৰিয় বাসস্থান হিচাপে পৰিগণিত এইজোপা শিমলু গছক বহু প্ৰকৃতিপ্ৰেমীয়ে সংৰক্ষণৰ বাবে দাবী কৰিছিল যদিও ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণৰ বাবে এইজোপা গছ কাটিবলৈ ইতিমধ্যে সকলো যো-জা সম্পূৰ্ণ কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: January 12, 2021, 8:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading