• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ বেদখলকাৰীৰ কবলত ঐতিহাসিক আড়িমত্ত গড়, ঘৰৰ ভেটি নিৰ্মাণ কৰিছে গড়ৰ মাটিৰে

পুনৰ বেদখলকাৰীৰ কবলত ঐতিহাসিক আড়িমত্ত গড়, ঘৰৰ ভেটি নিৰ্মাণ কৰিছে গড়ৰ মাটিৰে

বিষয়টো সন্দৰ্ভত ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছে স্থানীয় গাঁওবুঢ়াই।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছে স্থানীয় গাঁওবুঢ়াই।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছে স্থানীয় গাঁওবুঢ়াই।

  • Share this:

    পুনৰ বেদখলকাৰীৰ কবলত ৰঙিয়াৰ ঐতিহাসিক আড়িমত্ত গড়। ৰাতিটোৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড়টো কাটি উলিয়াই ল'লে ৰাস্তা। প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহলাই গড়টো কাটি পেলালে কোনোধৰণৰ চৰকাৰী অনুমতি অবিহনে। গড়টোৰ পাৰতে বাস কৰা একাংশ লোকে নিজৰ ঘৰলৈ যাবৰ বাবে ৰাস্তা চুটি কৰিবলৈ গড়ৰ একাষে দীঘলীয়াকৈ মাটি কাটি লৈ যায়। কিন্তু এই বিষয়ে পুৱাৰ ভাগত স্থানীয় ৰাইজৰ মাজত কথাটো বনজুইৰ দৰে বিয়পি পৰাত স্থানীয় ৰাইজ গড়টোৰ পাৰত উপস্থিত হয়।


    বিষয়টো সন্দৰ্ভত ইতিমধ্যে তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ তৰিছে স্থানীয় গাঁওবুঢ়াই। বহু সময়ত গড়টোত থকা আপুৰুগীয়া গছ–গছনি কাটি তহিলং কৰাৰ লগতে ঘৰৰ ভেটি বনাবলৈ বহু লোকে গড়ৰ মাটি কাটি লৈ যায় বুলিও সততে অভিযোগ উত্থাপিত হৈ আহিছে। কিন্তু অঞ্চলটোৰ লগতে অসমৰ ঐতিহাসিক কীৰ্ত্তিচিহ্ন এই গড়টো সংৰক্ষণৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া হোৱা নাই বুলি ক্ষোভ উজাৰে ৰাইজে। সকলোৱে সমস্বৰে গড়টোৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে দাবী জনায়। উল্লেখ্য যে কেইবাশ বছৰ পূৰ্বে ৰজা বৈদ্য আৰু ৰজা আৰিমত্তই নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আৰিমত্ত গড় নিৰ্মাণ কৰিছিল।


    ঐতিহাসিক সমল থকা এই আৰিমত্ত গড়টোৰ বহু ঠাই এতিয়া বেদখলকাৰীৰ কবলত। যদিহে সোনকালে ব‍্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহলে হয়তো কালৰ গৰাহত হেৰাই যাব ঐতিহাসিক আৰিমত্ত গড়টো। বেদখলকাৰীৰ কবলত থকা আৰিমত্ত গড়ৰ ভূমিখিনি বেদখলমুক্ত কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে ৰাইজে ।

    Published by:Gautam Barman
    First published: