মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam HSLC Results 2023: মেট্ৰিকত ৩ শীৰ্ষ স্থানেৰে উজলিল ঐতিহাসিক চৰাইদেউ জিলা

Assam HSLC Results 2023: মেট্ৰিকত ৩ শীৰ্ষ স্থানেৰে উজলিল ঐতিহাসিক চৰাইদেউ জিলা

মেট্ৰিকত ৩ শীৰ্ষ স্থানেৰে উজলিল ঐতিহাসিক চৰাইদেউ জিলা

মেট্ৰিকত ৩ শীৰ্ষ স্থানেৰে উজলিল ঐতিহাসিক চৰাইদেউ জিলা

কৃৰ্তীমানৰ তিনি শীৰ্ষ স্থানেৰে উজলিল ঐতিহাসিক চৰাইদেউ জিলা।আদিত্য অনুপম কোঁৱৰ দ্বিতীয়, জিষ্ণু বৰগোহাঁই অষ্টম আৰু ঋতুৰাজ বৰকটকীয়ে অধিকাৰ কৰিলে দশম স্থান ।

  • Share this:
অসম মাধ্যমিক শিক্ষা পৰিষদে সোমবাৰে ঘোষণা কৰা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩টা শীৰ্ষ স্থান দখল কৰি ঐতিহাসিক চৰাইদেউ জিলা উজলি উঠাত সমগ্ৰ জিলাবাসী উৎফুল্লিত হৈ পৰিছে ।

ঘোষিত ফলাফল অনুসৰি, জিলাখনৰ সোণাৰিৰ ছেইণ্ট যোচেফ হাইস্কুলৰ ছাত্ৰ আদিত্য অনুপম কোঁৱৰে ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে । আদিত্য অনুপমে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৩ নম্বৰ লাভ কৰে । তেওঁ ইংৰাজীত-১০০, সাধাৰণ গণিতত-৯৭, সাধাৰণ বিজ্ঞানত-১০০, সমাজ বিজ্ঞানত-৯৮, উচ্চ গণিতত-১০০  আৰু অসমীয়া বিষয়ত-৯৮ নম্বৰসহ ৯৮.৮৩ শতাংশ নম্বৰ লাভ কৰে । উল্লেখ্য যে আদিত্য অনুপম কোঁৱৰ মাহমৰা কোঁৱৰ গাঁৱৰ (বৰ্তমান সোণাৰি নগৰৰ ৰজাধাপ  অঞ্চলৰ বাসিন্দা) নিৱাসী তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰবক্তা মনোৰঞ্জন কোঁৱৰ আৰু মিনাক্ষী কোঁৱৰৰ পুত্ৰ ।

আনহাতে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ছাত্ৰ জিষ্ণু বৰগোঁহাইয়ে ৰাজ্যৰ ভিতৰত অষ্টম স্থান অধিকাৰ কৰে । সাপেখাতী ১ নং কঠিয়াখুন্দা গাওঁৰ নিবাসী মুকুট বৰগোঁহাই আৰু ববিতা গগৈৰ সন্তান জিষ্ণুয়ে ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৮, সাধাৰণ বিজ্ঞানত ১০০, অসমীয়াত ৯১, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিত বিষয়ত ১০০ নম্বৰৰে মুঠ ৫৮৭ নম্বৰ (৯৭.৮৩ শতাংশ) লাভ কৰে ।

আনহাতে জিলাখনৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ বৰকটকীয়ে জিলাখনৰ ভিতৰত দশম স্থান অধিকাৰ কৰে । পিতৃ অশোক বৰকটকী আৰু বন্তি বৰকটকীৰ সুসন্তান  ঋতুৰাজে অসমীয়াত ৯০ ,ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮ ,উচ্চ গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰি মুঠ ৫৮৫ নম্বৰসহ ৯৭.৫ শতাংশৰে দশম স্থান অধিকাৰ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পৰা মুঠ ৪৫৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৩৫৮৯ গৰাকী উত্তীৰ্ণ হয় । ইয়াৰে ১২১৩ গৰাকীয়ে প্ৰথম, ১৬৯২ গৰাকীয়ে দ্বিতীয় আৰু ৬৮৪ গৰাকীয়ে তৃতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয় । জিলাখনত উত্তীৰ্ণৰ শতকৰা হাৰ ৭৮.৩৫ শতাংশ ।

শেহতীয়া বাতৰি