মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন

আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন

News18-Assam
Updated:July 28, 2019, 2:42 PM IST
আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন
Source-Google

বিংশ শতিকাৰ শেষৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ অসমীয়া কবিতাক সজীৱ আৰু সমৃদ্ধ কৰি ৰখা হীৰুদাৰ জন্মদিনৰ দিনটোত সমগ্ৰ অসমবাসীয়ে কবিগৰাকী শ্ৰদ্ধাৰে সুঁৱৰিছে।

  • Share this:
আজি সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্মদিন। বিংশ শতিকাৰ শেষৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈ অসমীয়া কবিতাক সজীৱ আৰু সমৃদ্ধ কৰি ৰখা হীৰুদাৰ জন্মদিনৰ দিনটোত সমগ্ৰ অসমবাসীয়ে কবিগৰাকী শ্ৰদ্ধাৰে সুঁৱৰিছে। সুগন্ধি পখিলাৰ কবি হীৰুদাৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত। ১৩ খনকৈ কবিতা পুথি লিখি তেঁও চহকী কৰি থৈ গৈছে অসমীয়া সাহিত্যৰ ভঁৰালক। হীৰুদাৰ কাপেৰে নিগৰা প্ৰতিটো কবিতাত প্ৰতিস্ফুত হৈছিল এখন চহা জীৱনৰ ছবি। দেশ জাতিৰ বিপদৰ সময়ত তেওঁ লিখিছিল 'দেশ বুলিলে আদেশ নালাগে'।



অসমীয়া ৰোমান্টিক কবিতাৰ ক্ষেত্ৰত হীৰুদাই এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। হীৰুদাৰ কলমৰ নিতুল আঘাতত প্ৰাণ পাই উঠিছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ'দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকুৰ মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে আদি কবিতা পুথি। অসমীয়া সাহিত্যলৈ তেঁওৰ অনবদ্য অৱদানৰ বাবে ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা আৰু ২০০০ চনত অসম উপত্যকা সাহিত্য বঁটাৰে তেঁওক বিভূষিত কৰা হৈছিল। আজি কবিগৰাকীৰ জন্মদিনৰ দিনা সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰিয় কবিগৰাকীক।



যুৱ চামৰ মাজত বিশেষকৈ অতি জনপ্ৰিয় ‘হীৰুদা’ৰ কবিতা। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও জনা যায়। তেখেতৰ কবিতাই আজিও  আশা দেখুৱায়, জীয়াই থকাৰ প্ৰেৰণা দিয়ে, লগতে, আস্থাৰ আকাশ খনৰ লগতো সকলোকে পৰিচয় কৰাইছে।  বহু কম বয়সৰ পৰা কবিতা  লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়৷ ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়৷ প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু৷

হিৰুদাৰ বহুকেইটা কবিতা অসম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীতৰ আকাৰো দিছে। তাৰে ভিতৰত উল্লেখ যোগ্য হ’ল, হেৰ’ বাঁহী,  গানে কি আনে, বকুল ফুলৰ দৰে আদি। সেইদৰে লোকনাথ গোস্বামীয়ে কণ্ঠদান কৰা ‘আমোলমোল শেৱালীৰ গোন্ধ’ গীতটিৰ কথাও হীৰেণ ভট্টাচাৰ্যদেৱে ৰচনা কৰা।
First published: July 28, 2019, 2:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি