‘অখিল গগৈৰ মুক্তিৰ দাবীত কৰি যাওক প্ৰতিবাদ’-ৰাজ্যবাসীক আহ্বান বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোহাঁইৰ

News18 Assam | News18-Assam
Updated:July 27, 2020, 11:24 PM IST
‘অখিল গগৈৰ মুক্তিৰ দাবীত কৰি যাওক প্ৰতিবাদ’-ৰাজ্যবাসীক আহ্বান বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোহাঁইৰ
ৰাজ্যৰ বান-গৰাখহনীয়া পৰিস্থিতি, ‘কা’ বিৰোধী আন্দোলন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ ডঃ হীৰেণ গোহাঁইয়ে।

ৰাজ্যৰ বান-গৰাখহনীয়া পৰিস্থিতি, ‘কা’ বিৰোধী আন্দোলন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সোমবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ ডঃ হীৰেণ গোহাঁইয়ে।

  • Share this:
ৰাজ্যৰ বান-গৰাখহনীয়া পৰিস্থিতি, ‘কা’ বিৰোধী আন্দোলন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সোমবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ ডঃ হীৰেণ গোহাঁইয়ে। পিছপৰা ৰাজ্য হোৱাৰ বাবেই এনে সমস্যাবোৰ অসমত থকা বুলি মন্তব্য কৰিছে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। সেইদৰে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যবাসীক একত্ৰিত হৈ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই গোহাঁইয়ে।

সকলো লোককে প্ৰতিবাদৰ বাবে ৰাজপথলৈ উলিয়াই আনিব পৰাটো অখিল গগৈৰ বিৰল কৃতিত্ব বুলি উল্লেখ কৰি বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে কয় যে, ‘অখিল গগৈৰ সৈতে বিভিন্নক্ষেত্ৰত এক হ’ব নোৱাৰিলেও গণ সংগ্ৰামৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক কোনেও নুই কৰিব নোৱাৰে। সেইবাবেই তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান।’

“বিভিন্ন গোচৰত জামিন পোৱাৰ পিছতে তেওঁৰ ওপৰত নতুন গোচৰ জাপি দিয়া হয়। কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁ নিৰ্যাতনৰো সন্মুখীন হৈছে। শেহতীয়াকৈ ‘কা’ বিৰোধী আন্দোলনত তেওঁৰ ভূমিকাই ক্ষমতালোভী চৰকাৰৰ বাবে বিপদৰ সৃষ্টি কৰিছে।” এনেদৰে কয় ড০ গোহাঁইয়ে।
Published by: Himangshu Bhuyan
First published: July 27, 2020, 11:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading