বাদ পৰা সকলকো মানৱীয় দৃষ্টিৰে আদৰি লওক, NRC ক আদৰণি ড০ হীৰেণ গোহাঁইৰ

আছু, বিজেপি, APW কে আদি কৰি বিভিন্ন ৰাজনৈতিক আৰাজনৈতিক সংগঠনে প্ৰকাশিত NRC খনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে

News18-Assam
Updated:August 31, 2019, 7:12 PM IST
বাদ পৰা সকলকো মানৱীয় দৃষ্টিৰে আদৰি লওক, NRC ক আদৰণি ড০ হীৰেণ গোহাঁইৰ
Source-Google
News18-Assam
Updated: August 31, 2019, 7:12 PM IST
বহু প্ৰতিক্ষাৰ অন্তত প্ৰকাশ পালে চূড়ান্ত NRC। চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ল ৩,১১,২১,০০৪ জন লোকৰ নাম। তাৰ বিপৰীতে বাদ পৰিল ১৯,০৬,৬৫৭জন লোক। কিন্তু NRC প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমছুকে ধৰি একাংশ সংগঠনতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক আদৰণি জনোৱাৰ বিপৰীতে, আছু, বিজেপি. APW কে আদি কৰি বিভিন্ন ৰাজনৈতিক আৰাজনৈতিক সংগঠনে প্ৰকাশিত NRC খনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পিছতে এখন সংবাদমেলৰ আয়োজন কৰে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি হীৰেণ গোহাঁইয়ে। সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক আদৰণি জনোৱাৰ লগতে সকলোকে অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। গোহাঁইয়ে লগতে যিসকলৰ নাম নাগৰিপঞ্জীত সন্নিৱিষ্ট নহ’ল তেওঁলোককো মানৱীয় দৃষ্টিকোণৰ পৰা নাম অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায়।
আৰু চাওক পৰৱৰ্তী বাতৰি