ডঃ হীৰেন গোহাঁই মৌলবাদী, জাতিদ্ৰোহী! সংবাদমেলত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ

News18 Assam | News18-Assam
Updated:January 28, 2020, 4:49 PM IST
ডঃ হীৰেন গোহাঁই মৌলবাদী, জাতিদ্ৰোহী! সংবাদমেলত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ
ফাইল ফটোঃ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ডঃ হীৰেন গোঁহাইৰ ঘৰত মুখ্যমন্ত্ৰী সোণোৱাল।

‘হীৰেন গোহাঁইয়ে ক’লা বুলি ক’লে আমি বগা বুলি ক’ব লাগে, বগা বুলি ক’লে ক’লা বুলি ক’ব লাগে। মোৰ তেওঁৰ প্ৰতি সহানুভূতি নাই সেইটো চিধা কথা’।

  • Share this:
দেশদ্ৰোহৰ অভিযুক্ত শ্বাৰ্জিল ইমামে শ্বাহিনবাগৰ প্ৰতিবাদস্থলীত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়াৰ পিছতে শ্বাৰ্জিল ইমামৰ পক্ষত কথা কোৱাৰ বিতৰ্কত সোমাইছিল ডঃ হীৰেন গোঁহাই। ‘শ্বাৰ্জিল দেশদ্ৰোহী নহয়, যৌৱনৰ আৱেগত কোৱা কথা’ বুলি মন্তব্য কৰা ড০ হীৰেন গোহাঁইক বিভিন্ন পক্ষই সমালোচনা কৰাৰ পিছত মন্তব্য বিকৃত কৰাৰ অভিযোগ কৰিছিল বুদ্ধিজীৱিজনে। এইবাৰ ডঃ হীৰেন গোঁহাইক উভতি ধৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ডঃ হীৰেন গোঁহাই মুছলিম মৌলবাদী সংগঠনৰ সক্ৰিয় অংশীদাৰ বুলি বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মঙলবাৰে জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়, ‘হীৰেন গোহাঁই মুছলমান মৌলবাদী সংগঠনৰ সমৰ্থক। এইটো নতুন কথা নহয় যে তেওঁ আগৰে পৰা এনে কাম কৰি আহিছে। সেয়া চৈয়দ চাদুল্লাক অসম প্ৰেমী সজোৱাই হওঁক, মৌলানা মাদানীৰ লগত বহি NRCক বিফল কৰাৰ ষড়যন্ত্ৰই হওঁক, বা শ্বাৰ্জিল ইমামক দেশপ্ৰেমী আৱেগিক যুৱক আখ্যা দিয়াই হওঁক। অসমত মুছলিম মৌলবাদী শক্তিয়ে অসমখনক অশান্ত কৰিবলৈ চেষ্টা চলাই আছে, তাত হীৰেন গোহাঁই সক্ৰিয় অংশীদাৰ’।

ডঃ শৰ্মাৰ মতে, বুদ্ধিজীৱীগৰাকীয়ে যি কথা কয় তাৰে বিপৰীত কামটো অসমৰ ৰাইজে কৰিব লাগে, ‘হীৰেন গোহাঁইয়ে ক’লা বুলি ক’লে আমি বগা বুলি ক’ব লাগে, বগা বুলি ক’লে ক’লা বুলি ক’ব লাগে। মোৰ তেওঁৰ প্ৰতি সহানুভূতি নাই সেইটো চিধা কথা’।

কঠোৰ বাক্যবাণেৰে ডঃ গোহাঁইক আক্ৰমণ কৰি আনকি তেওঁক জাতিদ্ৰোহী আখ্যা দিয়ে হিমন্ত বিশ্বই, ‘অসম আন্দোলনৰ পৰা আজিলৈকে তেওঁৰ ভূমিকা জাতি বিৰোধী, জাতিধ্বংসী। ‘কা’ক জাতিধ্বংসী ক’ব নালাগে, ক’ব লাগে জাতিধ্বংসী হীৰেন গোহাঁই। তেওঁ বিজেপিক ভোট দিব নালাগে বুলি এসময়ত কৈছিল, কিন্তু বিজেপিক অসমৰ ৰাইজে ধাৰাসাৰ ভোট দিলে।’

‘হীৰেন গোহাঁইক লৈ স্তম্ভিত নহয়। কিন্তু এতিয়াও এচামে হীৰেন গোহাঁইক সভাত মাতি তেওঁৰ লগত যুটীয়া স্বাক্ষৰ কৰি ন্যায্যতা প্ৰদান কৰিবলৈ বিচৰাটোহে চিন্তনীয়। হীৰেন গোহাঁইক সামাজিক আসন দিব খোজা প্ৰচেষ্টাহে আটাইতকৈ দুখজনক’। শৰ্মাই লগতে কয়।

বিশিষ্ট বুদ্ধিজীৱীগৰাকীক লৈ হিমন্ত বিশ্বই ইয়াৰ আগতেও বহু বিস্ফোৰক মন্তব্য কৰি থৈছে।
Published by: Tulika Devi
First published: January 28, 2020, 4:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading