• Home
  • »
  • News
  • »
  • assam
  • »
  • মূল বিষয়ৰ পৰা ফালৰি কাটি আহিব বিচাৰিছে চৰকাৰে ! APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰাক লৈ উদ্বিগ্ন বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই...

মূল বিষয়ৰ পৰা ফালৰি কাটি আহিব বিচাৰিছে চৰকাৰে ! APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰাক লৈ উদ্বিগ্ন বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই...

binary comment

binary comment

ডঃ হীৰেণ গোহাঁই এই মূহুৰ্তত  দুটা সমস্যাক লৈ  খুব উদ্বিগ্ন  হৈ পৰিছে। এটা হৈছে APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰা। তেওঁ কয় ইমান দিনে চলি আছিল হঠাৎ নোহোৱা কৰি দিয়া হ'ল । যদি প্ৰয়োজনে নাই ভাৰতৰ বিভিন্ন ৰাজ্যত সেই ভাষাত প্ৰশ্নকাকত কিয় আছে বুলি মন্তব্য কৰে। কা আন্দোলনৰ এতিয়াও প্ৰসংগিকতা আছে বুলিও মন্তব্য কৰে।

  • Share this:
ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ কেইবাটাও বিষয়কলৈ নিজৰ মত প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইয়ে। সংবাদমেল সম্বোধন কৰি তেওঁ  কয় যে,কেন্দ্ৰৰ পৰা এটা নিৰ্দেশ আহিছে যে উত্তৰ পূৱৰ ৰাজ্যসমূহে সমন্বয়ৰ ভাবৰে চলিব লাগে, কিন্তু চৰকাৰে পৰৱৰ্তী সময়ত কি কৰিছে সেয়া আমি দেখিছোঁ। চৰকাৰে কোনো এখন বিল জবৰদস্তি পাছ কৰে। কোনো আলোচনা নকৰে।  বিৰোধী পক্ষক কথা কবলৈ সুযোগ দিয়া নহয়। কা আইন সন্দৰ্ভতো আমি দেখিছোঁ গাৰ জোৰেৰে গৃহীত কৰিছে। সংবিধানৰ মৌলিক অধিকাৰ চৰ্ত ধাৰা সম্পূৰ্ণৰূপে অগ্ৰাহ্য  কৰি তাক বিলোপ কৰিব বিচৰা  হৈছে।

তেওঁ  কয় যে, এই মুহূৰ্তত অসমখন অশান্ত কৰি আছে অসমীয়া ভাষা আৰু বৰাকৰ প্ৰসংগই।  সংঘাতে কেৱল ধ্বংসহে কৰে। ইয়াৰ পৰা কোনো উপকৃত নহয়। ইয়াৰ লাভ  হয় সংঘাতক সংঘৰ্ষলৈ পৰিণত কৰা ৰাজনীতিবিদৰ। জাতিগত আৰু ভাষাগত যিবোৰ কথা ওলাইছে ইয়াক সংঘৰ্ষৰ ফালে টানি নিব চেষ্টা কৰা হৈছে ।  সেইবোৰ আচলতে কিমান গুৰুত্ব দিব লগা কথা চিন্তা কৰি চোৱা উচিত। তেওঁ  কয় যে এই মূহুৰ্তত  দুটা সমস্যাক লৈ  খুব উদ্বিগ্ন  হৈ পৰিছো। এটা হৈছে APSC পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰা। ইমান দিনে চলি আছিল হঠাৎ নোহোৱা কৰি দিয়া হল । যদি প্ৰয়োজনে নাইয়ে  ভাৰতৰ বিভিন্ন ৰাজ্যত সেই ভাষাত প্ৰশ্নকাকত কিয় আছে বুলি মন্তব্য কৰে। সকলো ৰাজ্যৰ ক্ষেত্ৰত হয় যদি  অসমৰ ক্ষেত্ৰত হোৱাত আপত্তি কত । ৰাজ্যভাষা হিচাপে  ইয়াত  চৰকাৰী  কাম কাজ চলাবলৈ সকলোৰে অসমীয়া  যথাযথ জ্ঞান থকা দৰকাৰ।কেৱল এজন বিষয়াই কথা ক'লে নহব, যদি অসমীয়া পঢ়িব নোৱাৰে কেনেকৈ হ'ব। ইয়াৰ বাবে জগৰীয়া চৰকাৰ। কোনো লোকে আবেদন বা কিছু কথা অসমীয়াত লিখিব পাৰে। তেতিয়া যদি পঢ়িব নোৱাৰে কেনেকৈ হ'ব বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে ইংৰাজী মাধ্যমত পঢ়িলেই অসমীয়া নাজানিব বুলি কি কথা আছে। অসমীয়া জনা দৰকাৰ।। এই ক্ষেত্ৰত আছুৱেও প্ৰতিবাদ নকৰে,  সাহিত্য সভায়ো প্ৰতিবাদ নকৰে। আনহাতে বৰাকৰ প্ৰসংগত তেওঁ  কয় যে,বৰাকৰ প্ৰসংগই বৰাকত প্ৰভাৱ পেলোৱা নাই। আমি এটা কথা মনত ৰখা ভাল যে বড়োলেণ্ডত যিদৰে বড়ো সহযোগী ভাষা ঠিক সেইদৰে বৰাক বাংলা ভাষা সহযোগী ভাষা থাকিব।তাত বাংলা ভাষা ব্যৱহাৰ কৰিলে বেয়া পাব নালাগে কিন্তু লগতে অসমীয়া ভাষাটো থাকিব লাগে।গণতান্ত্ৰিক সহণশীল হিচাপে এয়া গ্ৰহণ কৰিব লাগে । প্ৰদীপ দত্ত ৰয় বৰাকত গুৰুত্বপূৰ্ণ মানুহ নহয়। তেওঁ চৰকাৰৰহে মানুহ। প্ৰদীপ দত্ত ৰয়ে চৰকাৰৰ নিৰ্দেশত কৰিছে নেকি বুলি প্ৰশ্নত গোহাঁইৰ উত্তৰ: এই কথা সন্দেহৰ অৱকাশ আছে বুলি মন্তব্য কৰে।

মূল্যবৃদ্ধিক লৈয়ো সৰৱ হীৰেন গোহাঁই তেওঁ কয় যেগুৱাহাটীত ৮-১০ হাজাৰ টকা দি কোনেও চলিব নোৱাৰে।  কিন্তু সেইবোৰত গুৰুত্ব নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে এই দুই চৰকাৰৰ স্বচ্ছতা নাই বুলিও মন্তব্য কৰে। আনহতে কা সম্পৰ্কে তেও কয় যে,কা আন্দোলনৰ প্ৰাসংগিকতা এতিয়াও আছে, আমাৰ মানুহে শেষ কৰিলে। কা আন্দোলন কৰি   কিছু মানুহে বিজেপিৰ গৰালত সোমাল বুলি মন্তব্য কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: