• Home
  • »
  • News
  • »
  • assam
  • »
  • Satya Ranjan Bora Arrested: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাঁও আৰক্ষীৰ

Satya Ranjan Bora Arrested: হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক নগাঁও আৰক্ষীৰ

কামাখ্যা মন্দিৰৰ  মাটি মোগল সম্ৰাট ঔৰংগজেবে দান দিছিল বুলি প্ৰকাশ কৰিছিল আমিনুল ইছলামে।

কামাখ্যা মন্দিৰৰ  মাটি মোগল সম্ৰাট ঔৰংগজেবে দান দিছিল বুলি প্ৰকাশ কৰিছিল আমিনুল ইছলামে।

কামাখ্যা মন্দিৰৰ  মাটি মোগল সম্ৰাট ঔৰংগজেবে দান দিছিল বুলি প্ৰকাশ কৰিছিল আমিনুল ইছলামে।

  • Share this:

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ যোৱাৰ পথত আৰক্ষীয়ে আটক কৰে সত্যৰঞ্জন বৰাক (Satya Ranjan Bora arrested)। আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতো বাধা নামানি আমিনুল ইছলামৰ বাসগৃহলৈ ৰাওনা হওঁতেই আৰক্ষীয়ে আটক কৰে হিন্দুত্ববাদী নেতা (Hindutva leader) সত্যৰঞ্জন বৰাক।


ইয়াৰ পূৰ্বে নগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াই বিধায়কৰ বাসগৃহলৈ নাযাবলৈ অনুৰোধ জনোৱাৰ লগতে বাধা প্ৰদান কৰিছিল বৰাক। তথাপি আৰক্ষীৰ বাধা নেউচি বিধায়ক আমিনুল ইছলামৰ বাসগৃহলৈ ৰাওনা হয় তেওঁ। সেই সময়তে নগাঁও আৰক্ষীয়ে আটক কৰে।


ইফালে বৰাক আটক কৰাক লৈ তেওঁৰ সমৰ্থকে আৰক্ষীৰে হতাহতি কৰাৰ লগতে ঘটনাস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য, ধিঙৰ বিধায়ক আমিনুল ইছলামে (MLA Aminul Islam) কামাখ্যা মন্দিৰ (Kamakhya temple)ৰ  মাটি মোগল সম্ৰাট ঔৰংগজেবে দান দিছিল বুলি প্ৰকাশ কৰাৰ পিছৰে পৰা বিধায়কগৰাকীক লৈ উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আজি বিধায়কগৰাকীৰ বাসগৃহলৈ ৰাওনা হোৱাক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাতে প্ৰশাসনে তেওঁক আটক কৰিবলৈ বাধ্য হয়।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি