• Home
  • »
  • News
  • »
  • assam
  • »
  • 'বিজেপিৰ শাসনত ক্ষতিগ্ৰস্ত হৈছে হিন্দু কাৰণ হিন্দুৱেও হেলমেট নিপিন্ধিলে জৰিমনা ভৰিব লাগে'- কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ অদ্ভুট মন্তব্য

'বিজেপিৰ শাসনত ক্ষতিগ্ৰস্ত হৈছে হিন্দু কাৰণ হিন্দুৱেও হেলমেট নিপিন্ধিলে জৰিমনা ভৰিব লাগে'- কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ অদ্ভুট মন্তব্য

নগাঁৱত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

নগাঁৱত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

নগাঁৱত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

  • Share this:
"বিজেপিৰ শাসনকালত কেৱল মুছলমানেই ক্ষতিগ্ৰস্ত হোৱা নাই। হিন্দুসকলো সমানেই ক্ষতিগ্ৰস্ত হৈছে। কাৰণ হেলমেট নিপিন্ধিলে হিন্দু মানুহেও জৰিমনা ভৰিব লাগে। লগতে হিন্দু মানুহেও বৰ্ধিত কৰৰ বোজা ল'ব লগীয়া হৈছে।"- এই মন্তব্য ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ।

আজি নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি ৰূপহীহাট সমষ্টিৰ বিধায়কগৰাকীয়ে কংগ্ৰেছৰ হিন্দু কাৰ্যকৰ্তাসকলক আকৰ্ষিত কৰিবৰ বাবে কয়, বিজেপি চৰকাৰৰ শাসনকালত মুছলমানতকৈ বেছি হিন্দুসকল ক্ষতিগ্ৰস্ত হৈছে। হেলমেট নিপিন্ধিলে হিন্দু ল'ৰায়ো ১ হাজাৰ টকা জৰিমনা ভৰিব লাগে। মুল্যবৃদ্ধিৰ বাবেও হিন্দু সকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। সেয়ে এতিয়া সকলোৱে মিলি বিজেপি চৰকাৰক শীঘ্ৰেই শাসনৰ পৰা ওফৰাব লাগিব।

উল্লেখযোগ্য যে, নগাঁও ৰাজীৱ ভৱনত আয়োজিত বৰ্ধিত কাৰ্যনিৰ্বাহকত সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক শশীকান্ত দাস, শিৱামণি বৰাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published: