সম্প্ৰীতিৰ নিদৰ্শন : দৰগাহ চোৱাচিতাৰ দায়িত্বত হিন্দু লোক

যুৱকজনৰ নাম সঞ্জয় প্ৰসাদ সিং। বছৰ বছৰ ধৰি এখন দৰগাহ চোৱাচিতা কৰি আহিছে হিন্দু লোকজনে।

news18assam
Updated:June 2, 2019, 3:51 PM IST
সম্প্ৰীতিৰ নিদৰ্শন : দৰগাহ চোৱাচিতাৰ দায়িত্বত হিন্দু লোক
যুৱকজনৰ নাম সঞ্জয় প্ৰসাদ সিং। বছৰ বছৰ ধৰি এখন দৰগাহ চোৱাচিতা কৰি আহিছে হিন্দু লোকজনে।
news18assam
Updated: June 2, 2019, 3:51 PM IST
যিটো সময়ত সমাজত হিংসা–বিদ্বেষ দিনক–দিনে বৃদ্ধি পাই আহিছে, বিভেদকামী চিন্তাৰে একাংশই মানুহৰ মাজত বিভাজনৰ বীজ সিঁচাৰ চেষ্টা চলাইছে, সেই সময়তে ডিব্ৰুগড়ৰ এজন লোকে দাঙি ধৰিছে সম্প্ৰীতিৰ নিদৰ্শন। লোকজনৰ নাম সঞ্জয় প্ৰসাদ সিং। বছৰ বছৰ ধৰি এখন দৰগাহ চোৱাচিতা কৰি আহিছে হিন্দু লোকজনে।

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নাদোৱা চাইডিঙত অৱস্থিত হজৰত চৈয়দ আব্দুল্লাহ এনায়তউল্লাহ পীৰ বাবাৰ দৰগাহ। প্ৰায় ৫০ বছৰ পুৰণি এই দৰগাহলৈ মনোবাঞ্চা পূৰণৰ কামনাৰে পীৰ বাবাৰ আশিস বিচাৰি ভিৰ কৰেহি দূৰ–দূৰণিৰ বহু লোকে। বিগত কেইবা বছৰ ধৰি এই দৰগাহৰ চোৱাচিতাৰ দায়িত্বত আছে সঞ্জয় প্ৰসাদ সিং। পূৰ্বে তেওঁৰ আজোককাক সুৰুজ প্ৰসাদ সিঙে দৰগাহখনৰ চোৱাচিতা কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত সঞ্জয়ৰ পিতৃ খাদান প্ৰসাদ সিং আৰু বৰ্তমান এই দায়িত্ব পালন কৰিছে সঞ্জয় প্ৰসাদ সিঙে।



এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱক হৈয়ো দৰগাহৰ পৰিচালনাৰ দায়িত্ব পালনত কোনোধৰণৰ বাধা তথা অসুবিধাৰ সন্মুখীন হোৱা নাই সঞ্জয়। যিটো সময়ত সমাজত একাংশ বিভেদকামী লোকে বিষবাষ্প ছটিয়াই সম্প্ৰীতি নষ্ট কৰাৰ অহৰহ চেষ্টা চলাইছে, সেই সময়ত সঞ্জয় প্ৰসাদ সিঙে দাঙি ধৰিছে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বিৰল নিদৰ্শন।
আৰু চাওক পৰৱৰ্তী বাতৰি