NRCত নাম নাথাকিলেও নাগৰিকত্ব পাব হিন্দু বাংলাদেশীয়ে!

অতি শীঘ্ৰে গৃহিত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ অমিত শ্বাহ

News18-Assam
Updated:July 3, 2019, 9:48 AM IST
NRCত নাম নাথাকিলেও নাগৰিকত্ব পাব হিন্দু বাংলাদেশীয়ে!
অতি শীঘ্ৰে গৃহিত হ’ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ অমিত শ্বাহ
News18-Assam
Updated: July 3, 2019, 9:48 AM IST
ৰাজ্যত খিলঞ্জীয়া সকলৰ নিৰাপত্তাৰ দলিল হিচাপে গণ্য কৰিব বিচৰা ৰাষ্ট্ৰীয় নাগৰিকপতঞ্জীৰ পৰা হিন্দু শৰনাৰ্থীৰ নাম বাদ পৰিলেও নাথাকিব কোনো চিন্তাৰ বিষয়! কাৰণ NRCত নাম নাথাকিলেও হিন্দু শৰনাৰ্থীয়ে লাভ কৰিব ভাৰতবৰ্ষৰ নাগৰিকত্ব। এই কথা সংসদৰ মজিয়াত উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিতৰ্কিক নাগৰিকত্ব সংশোধনী বিধেয়ক অতি শীঘ্ৰে গৃহিত কৰি হিন্দু  শৰনাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।



হিন্দু শৰনাৰ্থীক বাদ দি অন্যান্য যি সকল বিদেশী বুলি চিনাক্ত হ’ব সেইসকলক এজন এজনকৈ বহিষ্কাৰ কৰা হ’ব বুলি জনাই অমিত শ্বাহে। ইয়াৰ উপৰিও দেশৰ অন্যান্য ৰাজ্যতো পৰ্যায়ক্ৰমে NRC ৰ কাম আৰম্ভ কৰা হ’ব বুলি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।

প্ৰনিধাণযোগ্য যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিষয়টোক লৈ ৰাজ্যত দীৰ্ঘদিন ধৰি অব্যাহত আছে ব্যাপক প্ৰতিবাদ।কিন্তু অসমৰ ৰাইজৰ বিৰোধীতাৰ পিছতো কেন্দ্ৰীয় চৰকাৰ যে কেব গৃহিত কৰিলৈ প্ৰতিজ্ঞাৱদ্ধ সেই কথা আজি আকৌ এবাৰ প্ৰমাণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
আৰু চাওক পৰৱৰ্তী বাতৰি