• Home
  • »
  • News
  • »
  • assam
  • »
  • 'হজৰত মহম্মদ ডকাইত, ভাৰতত এতিয়া হিন্দু অথবা মুছলমানৰ তেজ ব'বই লাগিব'- আমিনুল ইছলামক সমালোচনা কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ

'হজৰত মহম্মদ ডকাইত, ভাৰতত এতিয়া হিন্দু অথবা মুছলমানৰ তেজ ব'বই লাগিব'- আমিনুল ইছলামক সমালোচনা কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ

'আমিনুলে ক্ষমা খোজক নহ'লে ঘৰত সোমাই প্ৰথমে বুজাম আৰু নবুজিলে পিতিম'- AIUDFৰ বিধায়কক শেষ সকীয়নি সত্যৰঞ্জন বৰাৰ

'আমিনুলে ক্ষমা খোজক নহ'লে ঘৰত সোমাই প্ৰথমে বুজাম আৰু নবুজিলে পিতিম'- AIUDFৰ বিধায়কক শেষ সকীয়নি সত্যৰঞ্জন বৰাৰ

'আমিনুলে ক্ষমা খোজক নহ'লে ঘৰত সোমাই প্ৰথমে বুজাম আৰু নবুজিলে পিতিম'- AIUDFৰ বিধায়কক শেষ সকীয়নি সত্যৰঞ্জন বৰাৰ

  • Share this:
'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামৰ মাজত যদি প্ৰাৰ্থক্য নাই তেন্তে শীঘ্ৰে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰক। আমিনুল ইছলামে নিজৰ ভুলৰ বাবে ক্ষতা খোজক। অন্যথা ৮ ডিচেম্বৰত বিধায়জনৰ ঘৰলৈ গৈ প্ৰথমে বুজাম। আৰু নুবুজিলে পিতিম।'- সোমবাৰে বিধায়ক আমিনুল ইছলামক অন্তিমবাৰলৈ সকীয়নি প্ৰদান কৰিলে হিন্দুত্ববাদী বিতৰ্কিত নেতা সত্যৰঞ্জন বৰাই।

কামাখ্যা মন্দিৰৰ মাটি ঔৰংজেৱে দাম কৰিছিল বুলি মন্তব্য কৰা আমিনুল ইছলামৰ বিৰুদ্ধে সোমবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে সত্যৰঞ্জন বৰাই। পিছত সাংবাদিকৰ আগত সত্যৰঞ্জনে কয় যে, 'মোক গুলিয়াই মাৰক। তেজ এতিয়া ব'বই লাগিব। হয় সেয়া হিন্দুৰ তেজ নহয় মুছলমানৰ তেজ হ'ব। অসম আৰু ভাৰতত এতিয়াৰ পৰা হিন্দুৰ Dictatorship চলিবই। হজৰত মহম্মদ ডকাইত আছিল মই ক'মেই। মহিলাক অপমান কৰাটো মুছমানৰ ধৰ্মই। মা কামাখ্যাকো সেইবাবেই বদনাম কৰাৰ ধৃষ্টতা কৰিছে।'

ইফালে আমিনুলক গ্ৰেপ্তাৰৰ দাবী জনাই সত্যৰঞ্জন বৰাই কয়  যে, 'মুখ্যমন্ত্ৰীৰ যদি কথা আৰু কামৰ মাজত পাৰ্থক্য নাই তেন্তে শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আমিনুলক নহলে আমিনুলে কাণত ধৰি ক্ষমা খোজক। অন্যথা ৮ তাৰিখে আমিনুল ৰ ঘৰত সোমাই প্ৰথমে বুজাম নুবুজিলে পিতিম।'

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি