உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • একে ঠাইতে হিন্দুৰ শ্মশান, মুছলমান, খ্ৰীষ্টানৰো কবৰস্থান, সমগ্ৰ বিশ্বতে বিৰল যোৰহাটৰ বিশেষ অন্ত্যেষ্টিক্রিয়া স্থলী

    একে ঠাইতে হিন্দুৰ শ্মশান, মুছলমান, খ্ৰীষ্টানৰো কবৰস্থান, সমগ্ৰ বিশ্বতে বিৰল যোৰহাটৰ বিশেষ অন্ত্যেষ্টিক্রিয়া স্থলী

    "ইয়াত একে ডোখৰ মাটিতে হিন্দুৰ শ্মশানো আছে আৰু মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে পৃথক কবৰস্থানো আছে। মাত্ৰ এটা এফুটিয়া খালে অন্ত্যেষ্টিক্রিয়া স্থলীকেইখনক পৃথক কৰিছে। এনে দৃশ্য হয়তো পৃথিৱীতে বিৰল। "

    "ইয়াত একে ডোখৰ মাটিতে হিন্দুৰ শ্মশানো আছে আৰু মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে পৃথক কবৰস্থানো আছে। মাত্ৰ এটা এফুটিয়া খালে অন্ত্যেষ্টিক্রিয়া স্থলীকেইখনক পৃথক কৰিছে। এনে দৃশ্য হয়তো পৃথিৱীতে বিৰল। "

    "ইয়াত একে ডোখৰ মাটিতে হিন্দুৰ শ্মশানো আছে আৰু মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে পৃথক কবৰস্থানো আছে। মাত্ৰ এটা এফুটিয়া খালে অন্ত্যেষ্টিক্রিয়া স্থলীকেইখনক পৃথক কৰিছে। এনে দৃশ্য হয়তো পৃথিৱীতে বিৰল। "

    • Share this:
    যোৰহাটৰ এটা বিশেষ অঞ্চলে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে। হয়তো এনে নিদৰ্শন দেশৰ ভিতৰতে বিৰল। এই ঠাইখনত এডোখৰ মাটিৰ একেটা চাৰিসীমাৰ ভিতৰতে অৱস্থিত তিনি ধৰ্মাৱলম্বী লোকৰ অন্ত্যেষ্টিক্রিয়া স্থলী। এডোখৰ বৃহৎ মাটিত পৃথকে পৃথকে শেষকৃত্য সম্পন্ন কৰা হয় হিন্দু , মুছলমান আৰু খ্ৰীষ্টান ধৰ্মীলোকসকলৰ।

    যোৰহাটৰ বৰহোলা গড়াজানৰ লোকসকলে দীৰ্ঘদিন ধৰি প্ৰদৰ্শন কৰি আহিছে সম্প্ৰীতিৰ এই অভূতপূৰ্ব নিদৰ্শন। পূৰ্বপুৰুষৰ দিনৰে পৰা চলি অহা সম্প্ৰীতিৰ এনে ঘটনা পৃথিৱীতে বিৰল বুলি গৌৰৱবোধ কৰে অঞ্চলবাসীয়ে।

    অন্ত্যেষ্টিক্ৰিয়া স্থলী এডোখৰ মাটিৰ একেটা চাৰিসীমাৰ ভিতৰতে অৱস্থিত। বৰহোলাৰ গড়াজানত হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ সকলোৰে শেষ আশ্ৰয় স্থল হৈছে একে ডোখৰ মাটি। ইয়াত একেটা চৌহদতে আছে হিন্দুসকলৰ শ্মশান আৰু মুছলমান আৰু খ্ৰীষ্টান লোকসকলৰ বাবে কবৰস্থান। গড়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোফালে আছে এই বিশেষ স্থান। একেটা চাৰিসীমাৰ ভিতৰতে অৱস্থিত শ্মশান আৰু কবৰস্থান দুখনৰ মাজত নাই কোনো বেৰ। কেৱল সৰু নলা এটাৰে ভাগ কৰা হৈছে অন্ত্যেষ্টিক্রিয়া স্থলীকেইখনক।

    " ১৯৩৩ চনৰ পৰাই আমাৰ পূৰ্বপুৰুষসকল তথা গড়াজানৰ বয়োজ্যেষ্ঠ লোকসকলে অব্যাহত ৰাখিছে সম্প্ৰীতিৰ এই বিশেষ প্ৰক্ৰিয়া। ইয়াত একে ডোখৰ মাটিতে হিন্দুৰ শ্মশানো আছে আৰু মুছলমান আৰু খ্ৰীষ্টানসকলৰ বাবে পৃথক কবৰস্থানো আছে। মাত্ৰ এটা এফুটিয়া খালে অন্ত্যেষ্টিক্রিয়া স্থলীকেইখনক পৃথক কৰিছে। এনে দৃশ্য হয়তো পৃথিৱীতে বিৰল।", স্থানীয় বাসিন্দা ইমৰান হুছেইনে এনেদৰে কয় ।

    অঞ্চলটোৰ এই নিৰ্দিষ্ট ঠাইতে বছৰ বছৰ ধৰি তিনিওটা ধৰ্মাৱলম্বী লোকে সম্প্ৰীতিৰ মাজেৰে নিজ নিজ ধৰ্মীয় ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰি আহিছে। কোনো এটা ধৰ্মৰ লোকৰ মৃত্যু হ’লে তেওঁৰ অন্ত্যেষ্টিক্রিয়াত হিন্দু , মুছলমান, খ্ৰীষ্টান এই আটাইকেইটা ধৰ্মৰে লোকই উপস্থিত থাকে। পূৰ্বপুৰুষ তথা গড়াজানৰ বয়োজ্যেষ্ঠ লোকসকলে ধৰি ৰখা এই সম্প্ৰীতিৰ এনাজৰীডালক লৈ অঞ্চলটোৰ বাসিন্দাসকলে গৌৰৱবোধ কৰে ।

    স্থানীয় বাসিন্দা প্ৰশান্ত গগৈয়ে কয় যে, ‘এই স্থানতে তিনিওটা ধৰ্মৰ লোকসকলে মৃতদেহ সৎকাৰ কৰি আহিছে। কোনো এজন লোকৰ মৃত্যু হ’লে তেওঁৰ অন্ত্যেষ্টিক্রিয়ালৈ আটাইকেইটা ধৰ্মৰ লোকেই আহি সহায় আগবঢ়ায়। স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক জুছলেন লেঙৰাই কয় যে, ‘ধৰ্মৰ নামত তেওঁলোকৰ মাজত কোনো ভেদভাৱ নাই। কোনো লোকৰ মৃত্যু হ’লে এই স্থানতে শেষকৃত্য সম্পন্ন কৰা হয় আৰু তাত আটাইকেইটা ধৰ্মৰ লোক উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়াই আহিছে।
    Published by:Himangshu Bhuyan
    First published: