নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কেনে পৰিৱৰ্তন আনিব ৰাজ্যৰ শিক্ষা খণ্ডলৈ? সম্ভৱ হ'বনে মাতৃভাষাত শিক্ষা?

News18 Assam | News18-Assam
Updated:August 20, 2020, 10:38 AM IST
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কেনে পৰিৱৰ্তন আনিব ৰাজ্যৰ শিক্ষা খণ্ডলৈ? সম্ভৱ হ'বনে মাতৃভাষাত শিক্ষা?
‘মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়।’

‘মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়।’

  • Share this:
ভাৰত চৰকাৰে সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ ব্যৱস্থা কৰিছে।সেই অনুসৰি অসমতো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰভাৱ পৰিব তথা ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি বলৱৎ হ’ব। এইবাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আহিব বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। ৰাজ্য চৰকাৰে অসমত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কেনেদৰে কাৰ্যকৰী কৰিব অথবা নতুন শিক্ষা নীতি বলৱৎ হোৱাৰ দিশত পৰামৰ্শ বিচাৰি ৰাজ্যৰ বহুকেইগৰাকী চিন্তাশীল, গভীৰ অধ্যয়নপুষ্ট শিক্ষাবিদক লৈ এখন পৰামৰ্শ কমিটী গঠন কৰি দিছে। ইতিমধ্যে ১৮ আগষ্টত এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত উচ্চস্তৰীয় কমিটীত নাম সন্নিৱিষ্ট হোৱা টীয়কৰ অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা শিক্ষাবিদ হিমেন ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিক আদৰণীয় বুলি উল্লেখ কৰি NEWS 18ৰ কেমেৰাৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, নতুন শিক্ষা নীতিৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এক ব্যাপক পৰিৱৰ্তন আহিব। এই পৰিৱৰ্তনে দেশৰ সকলো শিশুক, দেশৰ সকলো নাগৰিকক স্পৰ্শ কৰিব। স্কুল পৰ্যায়তে কৰিবলৈ লোৱা বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা অত্যন্ত যোগাত্মক বুলি উল্লেখ কৰি তৃণমূল পৰ্যায়ৰ এগৰাকী শিক্ষা কৰ্মী হিচাপে প্ৰাথমিক শিক্ষাৰ দিশত প্ৰয়োজনীয় পৰামৰ্শসমূহ দিবলৈ চেষ্টা কৰা হ’ব বুলি মন্তব্য কৰে।

ইপিনে, প্ৰচলিত পৰীক্ষা পদ্ধতিৰ ওপৰত নতুন শিক্ষা নীতিয়ে যি পৰিৱৰ্তন অনাৰ পোষকতা কৰিছে সেয়া যোগাত্মক বুলি মন্তব্য কৰিছে। পূৰ্বৰ শিক্ষা ব্যৱস্থাটো টোপনি যোৱা ৰে’লযাত্ৰীৰ দৰে বুলি কৈ তেওঁ কয় - টোপনিয়াই যোৱা ৰে’লযাত্ৰীয়ে যেনেকৈ চাৰিওফালৰ জগতৰ কথা একো দেখা নাপায়, এতিয়াৰ শিক্ষা ব্যৱস্থাটোত তেনেকৈ নিজা দৃষ্টিভংগীৰে তেওঁলোকে একো দেখা নাপায়। কিন্তু এইবাৰৰ শিক্ষা নীতিয়ে ছাত্র-ছাত্ৰীসকলক  সজাগ কৰি তোলাত সহায়ক হ’ব, আৰু যাৰ জৰিয়তে সমাজত এক পৰিৱৰ্তন আহিব বুলি উল্লেখ কৰে।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ত উল্লেখ থকা অনুসৰি পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত পাঠদানৰ ব্যৱস্থা সন্দৰ্ভতো মন্তব্য কৰিছে হিমেন ভট্টাচাৰ্যই। ব্যক্তিগতভাৱে মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়। কিন্তু আজি আমাৰ দেশত, আনকি অসমতো ইংৰাজী ভাষাৰ প্ৰভাৱ বহুদূৰ আগবাঢ়ি গ'ল। বহু ছাত্র-ছাত্ৰী ইতিমধ্যে ইংৰাজী মাধ্যমত গুচি গ'ল, তেনে সময়ত মাতৃভাষাটো কঠোৰভাৱে প্ৰযোজ্য কৰাত নিশ্চয় অসুবিধা আহিব। আনহাতে, অসমীয়া ভাষাটোকে আমি মাতৃভাষা বুলি সকলোৰে ওপৰত জাপি দিয়া ধৰণৰ প্ৰৱণতা আহিব নোৱাৰিব। কাৰণ বিভিন্ন ভাষা-ভাষীৰ সংমিশ্ৰণত পৰিপূৰ্ণ আমাৰ ৰাজ্য। গতিকে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাত পাঠদান বিষয়টো যথেষ্ট জটিল বুলি মন্তব্য কৰিছে বহুজনে।

বিশিষ্ট লেখক তুফেল জিলানীয়ে অৱগত কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ লোৱা নতুন শিক্ষা নীতি কাৰ্যকৰীকৰণৰ দিশত প্ৰয়োজনীয় পৰামৰ্শৱলীৰ বাবে অসম চৰকাৰে বিশিষ্ট শিক্ষাবিদসকলৰ দ্বাৰা পৰামৰ্শ কমিটী গঠন কৰি দিয়া বিষয়টো আদৰণীয়। কাৰণ ৰাজ্যখনৰ কলা, কৃষ্টি, সংস্কৃতি আদি সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এই শিক্ষা নীতি প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। সমাজ এখন পৰিৱৰ্তন কৰিবলৈ হ'লে বৌদ্ধিকভাৱে আলোড়িত কৰিব লাগিব। সেই অনুসৰিয়েই উচ্চস্তৰীয় পৰামৰ্শদাতা কমিটীয়ে এইসমূহ দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই ৰাজ্য চৰকাৰক পৰামৰ্শ দিব বুলি তেওঁলোক আশাবাদী।
Published by: Sanjay Kumar Das
First published: August 20, 2020, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading