• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আজমল ভয়’ হিমন্তৰ নিৰ্বাচনী ফৰ্মূলা, কেতিয়াও মুখ্যমন্ত্ৰী নহয় বদৰুদ্দিন আজমল’

‘আজমল ভয়’ হিমন্তৰ নিৰ্বাচনী ফৰ্মূলা, কেতিয়াও মুখ্যমন্ত্ৰী নহয় বদৰুদ্দিন আজমল’

Source-Google

Source-Google

কংগ্ৰেছ, AIUDFৰ লগতে অন্যান্য সৰু ডাঙৰ দলকলৈ কৰিব বিচৰা মহাজোঁটে বিজেপিৰ নিদ্ৰা হৰণ কৰিছে বুলি কয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে।

  • Share this:
"বদৰুদ্দিন আজমল অসমত কেতিয়াও মুখ্যমন্ত্ৰী নহয়"-এই মন্তব্য AIUDFৰ বিধায়নী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমী আৰু AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ। বিলাসীপাৰা পশ্চিম বিধান সভা সমষ্টিৰ বিধায়ক তথা AIUDFৰ বিধায়নী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীৰ মতে, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হোৱাত সাংবিধানিক কোনো বাধা নাই যদিও তেওঁ কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়।"



‘আজমলৰ ভয় দেখুৱাই হিন্দু ভোটাৰক ভিতিগ্ৰস্থ কৰাৰ ৰাজনীতি হিমন্তৰ পুৰণি ফৰ্মূলা’ এই ফৰ্মূলা এতিয়া বহুত পুৰণি হ’ল। বৰ্তমান ৰাইজে কথা মতে কাম হৈছেনে নাই সেইটোহে গুৰুত্ব দিয়ে।’ আজিকালি ভোটাৰো বহুত সচেতন আৰু সজাগ হ’ল বুলিও কয় বিৰোধী দলৰ নেতাগৰাকীয়ে।



কংগ্ৰেছ, AIUDFৰ লগতে অন্যান্য সৰু ডাঙৰ দলকলৈ কৰিব বিচৰা মহাজোঁটে বিজেপিৰ নিদ্ৰা হৰণ কৰিছে বুলি কয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে। কংগ্ৰেছ আৰু AIUDFৰ সুকীয়া সুকীয়া প্ৰাৰ্থী থকাৰ বাবে ৰাজ্যৰ বহু আসন হেৰুৱাইছিল দল দুটাই। সেয়েহে এই মিত্ৰতাই শাসকীয় মিত্ৰজোঁটত হাতত থকা প্ৰায় ২৫টা সমষ্টি কাঢ়ি আনিবলৈ সক্ষম হ’ব বুলিও আশাবাদী AIUDFৰ নেতা কৰ্মী।
Published by:Himangshu Bhuyan
First published: