দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত নাম প্ৰসংগ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্ৰাৰ্থনাই মনলৈ আনে অফুৰন্ত প্ৰশান্তি আৰু উদ্যম’

News18-Assam
Updated:September 18, 2019, 5:53 PM IST
দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত নাম প্ৰসংগ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!
প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘প্ৰাৰ্থনাই মনলৈ আনে অফুৰন্ত প্ৰশান্তি আৰু উদ্যম’
News18-Assam
Updated: September 18, 2019, 5:53 PM IST
বিশ্বকৰ্মা পূজাৰ দিনাই ৰাজ্যৰ স্বাস্থ্য ও গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ল ঐতিহাসিক দৰঙৰ খটৰা সত্ৰত । সাংসদ দিলীপ শইকীয়া আৰু বিধায়কদ্বয় শ্ৰী বিনন্দ শইকীয়া আৰু শ্ৰী গুৰুজ্যোতি দাসৰ সৈতে সত্ৰখনত উপস্থিত হয় মন্ত্ৰীগৰাকী। খটৰা সত্ৰত অনুষ্ঠিত পাচেতি মহোৎসৱত অংশগ্ৰহণ কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাল বজাই নাম প্ৰসংগ কৰা দেখা গ’ল। পিছত সত্ৰখনত উপস্থিত হৈ মহাপ্ৰভূৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ধন্য হ'ল বুলি ফেচবুকত পষ্ট শ্বেয়াৰ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে ৪৫০ বছৰীয়া পৰম্পৰাৰে ঐতিহাসিক দৰঙৰ খটৰা সত্ৰত অনুষ্ঠিত হৈছে পাচেতি মহোৎসৱ।
আৰু চাওক পৰৱৰ্তী বাতৰি