NRC সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য–‘এয়া মেট্ৰিক পৰীক্ষা নহয়, টেষ্ট পৰীক্ষাহে!’

কাইলৈ মিঠাই খোৱাৰো নাই কোনো যুক্তি! বিদেশী খেদাৰ নতুন পৰিকল্পনা কৰিছে বিজেপিয়ে’

News18-Assam
Updated:August 30, 2019, 6:14 PM IST
NRC সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য–‘এয়া মেট্ৰিক পৰীক্ষা নহয়, টেষ্ট পৰীক্ষাহে!’
Source-Google
News18-Assam
Updated: August 30, 2019, 6:14 PM IST
অসমীয়া খিলঞ্জীয়াৰ জাতীয় দলিল বুলি আখ্যা দিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এতিয়া ভীষণ অসন্তুষ্ট ৰাজ্যৰ বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মৰিগাঁৱত বিজেপিৰ এখন দলীয় সভাত উপস্থিত থাকি NRC ৰ চূড়ান্ত তালিকাৰ সন্দৰ্ভত বিশেষ কৌশল পূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মতে, ‘NRCক লৈ উৎফুল্লিত হোৱাৰ কোনো কাৰণ নাই, বিদেশী খেদাত NRC সফল নহয়, গতিকে বিদেশী খেদাৰ নতুন চিন্তা ইতিমধ্যে কৰিছে বিজেপিয়ে’।

NRCক জাতীয় দলিল আখ্যা দিয়াৰ কাৰণ নাই বুলি ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘NRC প্ৰকাশ পালে মিঠাই খোৱাৰো কোনো যুক্তি নাই!’ যিসময়ত NRCক লৈ ৰাজ্যবাসী উৎকণ্ঠিত হৈ আছে, এখন শুদ্ধ NRCৰ বাবে বিভিন্ন দল সংগঠন অপেক্ষা কৰি আছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই NRC সন্দৰ্ভত কৰা মন্তব্যই এতিয়া সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। NRC সন্দৰ্ভত মন্ত্ৰীজনে লগতে কয় যে ‘এয়া মেট্ৰিক পৰীক্ষা নহয় টেষ্ট পৰীক্ষাহে। গতিকে প্ৰকৃত ভাৰতীয়ই নাম সন্নিৱিষ্ট নহ’লেও শংকিত হোৱাৰ কোনো কাৰণ নাই’।

মন্ত্ৰীগৰাকীয়ে ধুবুৰী, হাইলাকান্দিত মাত্ৰ ৬,৭ শতাংশৰ নাম এন আৰ চিৰ পৰা বাদ পৰাই আচলতে নাগৰিক পঞ্জীখনৰ প্ৰাসংগিকতালৈ প্ৰশ্ন আনিলে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

আৰু চাওক পৰৱৰ্তী বাতৰি