যোৰহাটৰ ৰাজপথত নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ১০ কিলোমিটাৰ খোজকাঢ়ি ক’লৈ গ’ল মন্ত্ৰীগৰাকী?

News18 Assam | News18-Assam
Updated:October 5, 2020, 12:19 PM IST
যোৰহাটৰ ৰাজপথত নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ১০ কিলোমিটাৰ খোজকাঢ়ি ক’লৈ গ’ল মন্ত্ৰীগৰাকী?
মন্ত্ৰীগৰাকীয়ে নগৰখনত খোজকাঢ়ি বাট-পথসমূহৰ অৱস্থাৰো বুজ লয়

মন্ত্ৰীগৰাকীয়ে নগৰখনত খোজকাঢ়ি বাট-পথসমূহৰ অৱস্থাৰো বুজ লয়

  • Share this:
যোৰহাট নগৰৰ ৰাজপথত দেওবাৰে নিশা বিশেষ ৰূপত দেখা গ’ল মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। মন্ত্ৰীগৰাকীয়ে নিশা যোৰহাটৰ ৰাজপথত প্ৰায় ১০ কিলোমিটাৰ খোজকাঢ়ে। দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাৰ পৰা ১২ বজালৈকে যোৰহাটৰ ৰাজপথত খোজ কাঢ়িলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট নগৰৰ এ টি ৰোড , কে বি ৰোড, এম জি ৰোড, বৰপাত্ৰ আলি, পোষ্টঅফিচ ৰোডকে ধৰি নগৰখনৰ এই সকলো পথলৈকে যায় মন্ত্ৰীগৰাকী।

নিশা ৰাজপথত মানুহৰ উপস্থিতি অতি সেৰেঙা আছিল। কিন্তু নগৰৰ বৰুৱা চাৰিআলি, দহ এণ্ড কো চাৰিআলি, JMCHৰ সন্মুখত একাংশ পথাচাৰিয়ে জনপ্ৰিয় মন্ত্ৰীগৰাকীক ৰাজপথত এনেদৰে দেখি আচৰিত হৈ পৰে। দৰাচলতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৈনিক প্ৰায় ১০ কিলোমিটাৰ খোজকাঢ়ে। সেয়েহে শিৱসাগৰত অনুষ্ঠিত দিনজোৰা অনুষ্ঠানৰ পিছত যোৰহাটত নিশা বিশেষ কাম নথকাত নগৰৰ খালী পথত খোজ কাঢ়িবলৈ ওলাই যায়।

তেখেতক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক সিধাংকু অংকুৰ বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সু-স্বাস্থ্য ৰক্ষা কৰি চলাৰ লগতে তেওঁৰ অফুৰন্ত প্ৰাণশক্তিৰ এক অন্যতম কাৰণ ৰূপে জানিবলৈ দিয়ে খোজকঢ়াক। জনসাধাৰণকো মন্ত্রীগৰাকীয়ে বহু ৰোগৰ পৰা বাচি থাকিবলৈ দৈনিক ৪-৫ কিলোমিটাৰ খোজ কাঢ়িবলৈ উপদেশ দিয়ে।

" মই দৈনিক প্ৰায় দহ কিলোমিটাৰ খোজকাঢ়ো। যোৱাকালি খোজকাঢ়িবলৈ সময় নহ’ল। সেয়েহে আজি নিশা যোৰহাটত বিশেষ কাম নথকাত খোজ কাঢ়িবলৈ ওলাই আহিছো। মই সকলোকে দৈনিক পাঁচ কিলোমিটাৰকৈ খোজ কাঢ়িবলৈ কওঁ। তেতিয়া বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি।"-মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিউজ18ক এনেদৰে কয়।

মন্ত্ৰীগৰাকীয়ে নগৰখনত খোজকাঢ়ি বাট-পথসমূহৰ অৱস্থাৰো বুজ লয়। বৰষুণৰ পিছত ৰাস্তাবোৰ নিয়মীয়াকৈ তদাৰক কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ গড়কাপ্তানী বিভাগৰ বিষয়াসকললৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। যোৰহাট নগৰত দুখন ফ্লাই অ’ভাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত ভোগ কৰি অহা সমস্যা বহু পৰিমাণে হ্ৰাস পাব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: October 5, 2020, 12:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি