আজমলৰ সভাত আৰৱী ভাষা ব্যৱহাৰৰ পিছতো কিয় মনে মনে আছে অসমৰ বুদ্ধিজীৱি? অসমীয়াই লাহে লাহে ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হৈছেঃ হিমন্ত বিশ্ব শৰ্মা আজমলৰ সভাত আৰৱী ভাষা ব্যৱহাৰৰ পিছতো কিয় মনে মনে আছে অসমৰ বুদ্ধিজীৱি? অসমীয়াই লাহে লাহে ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হৈছেঃ হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰৰ সন্দৰ্ভত এই বাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘কেতিয়াবা বৰাকৰ বিদ্যালয়ত অসমীয়া ভাষাৰ কিতাপ এখন গ’লে বিতৰ্ক হয়, মাজুলীত বাঙালী ভাষাৰ কিতাপ এখন গ’লে বিতৰ্ক হয়, কিন্তু আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰ কৰিলে, এই ক্ষেত্ৰত নাই কোনো বিতৰ্ক। মনে মনে আছে ৰাজ্যৰ বুদ্ধিজীৱি।’
মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘বৃহত্তৰ অসমীয়া সমাজখনক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ চলিছে। বড়ো-অসমীয়াৰ মাজত কাজিয়া, অসমীয়া-বাঙালীৰ মাজত কাজিয়া। সৰু বৰ জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাই একাংশ লোকে অসমীয়াৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব বিচাৰিছে।’
আজি অসমৰ ৩২ শতাংশ লোকে ৬৫ শতাংশ লোকক শাসন কৰাৰ দৰে পৰিৱেশ আহিছে। অহা ১০ বছৰৰ পিছত অসমত কোনোবা আজমলে শাসন কৰিব। আজমলে সুবিধা ভগাব অসমীয়া, বড়ো, কাৰ্বি, ডিমাছা সকলৰ মাজত। গতিকে আমি ৬৫ শতাংশ লোক একত্ৰিত হ’ব লাগিব। তেনে শক্তিৰ বিৰুদ্ধে।’
এনেদৰে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমনাত্মক ৰূপত দেখিবলৈ পোৱা গ’ল।
Published by: Himangshu Bhuyan
First published: October 09, 2020, 14:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|