‘মই কম নামঘোষা, আপোনালোকে ক’ব কীৰ্তন-ঘোষা’-মন্ত্ৰী হিমন্ত বিশ্বৰ মুখত এতিয়া ধৰ্মগ্ৰন্থ, মহাপুৰুষক লৈ শ্লোগান

News18 Assam | News18-Assam
Updated:December 29, 2019, 1:53 PM IST
‘মই কম নামঘোষা, আপোনালোকে ক’ব কীৰ্তন-ঘোষা’-মন্ত্ৰী হিমন্ত বিশ্বৰ মুখত এতিয়া ধৰ্মগ্ৰন্থ, মহাপুৰুষক লৈ শ্লোগান
জাগীৰোডত কৈছিল– ‘মই কম ৰাম আপোনালোকে কব কৃষ্ণ, মই কম শংকৰদেৱ, আপোনালোকে কব মাধৱদেৱ।’

জাগীৰোডত কৈছিল– ‘মই কম ৰাম আপোনালোকে কব কৃষ্ণ, মই কম শংকৰদেৱ, আপোনালোকে কব মাধৱদেৱ।’

  • Share this:
জাগীৰোডৰ বিজেপি শান্তি সমদলত হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গৈছিল এই বিশেষ শ্লোগান–  ‘মই কম ৰাম আপোনালোকে কব কৃষ্ণ, মই কম শংকৰদেৱ, আপোনালোকে কব মাধৱদেৱ।’

আজি শুৱালকুছিত মন্ত্ৰী শৰ্মাৰ মুখত আকৌ শ্লোগান বেলেগ–‘‘মই কম নামঘোষা, আপোনালোকে ক’ব কীৰ্তন-ঘোষা।’

এনেদৰে বিজেপিৰ সভাত এতিয়া ধৰ্মগ্ৰন্থ, মহাপুৰুষৰ নাম শ্লোগান লৈ ৰূপান্তৰিত কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানুহৰ হৃদয় জয় কৰাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে।

বিজেপিৰ মতে, ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদে ব্যাঘাত জন্মাইছে ৰাজ্যৰ শান্তি আৰু উন্নয়নত। গতিকে বিজেপিয়ে আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শান্তি সমদল। শান্তি সমদলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অধিক আক্ৰমণাত্মক হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিখন সভাতে জুবিন গাৰ্গকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী শৰ্মাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি