গছত গৰু উঠা কথাৰে অসমৰ মানুহক আবেগিক কৰা হৈছে – কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:December 27, 2019, 2:28 PM IST
গছত গৰু উঠা কথাৰে অসমৰ মানুহক আবেগিক কৰা হৈছে – কংগ্ৰেছক তীব্ৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
জাগীৰোডত অনুষ্ঠিত বিজেপিৰ ঐক্য সমদলত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

জাগীৰোডত অনুষ্ঠিত বিজেপিৰ ঐক্য সমদলত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
জাগীৰোডত অনুষ্ঠিত বিজেপিৰ ঐক্য সমদলত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় – ‘কংগ্ৰেছে কৈছে আঢ়ৈ কোটি বাংলাদেশী অসমলৈ আহিব। বাংলাদেশত হিন্দু আছে মাত্ৰ ১ কোটি ৩০ লাখ। আঢ়ৈ কোটি ক’ৰ পৰা আহিব। গছত গৰু উঠা কথাৰে অসমৰ মানুহক আবেগিক কৰা হৈছে।’

‘আঢ়ৈ কোটি হিন্দু বাংলাদেশী অসমলৈ আহিবলৈ ৯ লাখ মান পঞ্জাব বডী ট্ৰাক লাগিব। কিন্তু অসমৰ বুদ্ধিজীৱীয়ে চিন্তাই কৰা নাই যে ৯ লাখ ট্ৰাক অসমত নহয়, ভাৰততে আছেনে নাই। তেওঁলোকে ভাৱে পীযূষ হাজৰিকাৰ ঘৰত আক্ৰমণ কৰিলে, বিনোদ হাজৰিকাৰ ঘৰত আক্ৰমণ কৰিলে বিজেপি শেষ হৈ যাব। আমাৰ ঘৰত ৫০জন লৈ আহা ১০০জনে সেইদিনাই বিজেপিত যোগদান কৰিব।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

CAA বিৰোধী আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰি আছিল, অসমৰ ৰাইজে শান্তি বিচাৰিছিল, সেই মুহূৰ্তত কলাক্ষেত্ৰ ভাঙিবলৈ যোৱা সেইসকল কোন আছিল, তাৰ পৰিচয় আজি অসমৰ ৰাইজক লাগে। গণতান্ত্ৰিক আন্দোলনক আমি শ্ৰদ্ধা কৰো। কিন্তু অসমৰ আন্দোলন কৰা মানুহে দেউতাক–মাকক লৈ গালি কোনেও পৰা নাই। কিন্তু আজি আন্দোলনৰ নামত কাৰোবাক সমালোচনা কৰিবলৈ গৈ কাৰোবাৰ মৃত দেউতাক–মাককো আলোচনালৈ নমাই অনা সেইসকলক আমি অসমীয়া বুলি ক’ব পাৰো নেকি?

১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। চুক্তিত লিখা আছিল যে ১৯৭১ চনৰ পিছত অসমত যিসকল বিদেশী নাগৰিক সোমাব তেওঁলোকক বহিষ্কাৰ কৰা হ’ব। আমিও মানি লৈছিলো। অসমৰ ৰাইজেও বাধ্যত পৰি চুক্তিখন মানি লৈছিল। ১৯৮৭ চনত ৰাজীৱ গান্ধী আৰু প্ৰফুল্ল মহন্তই লগ লাগি প্ৰথমতে নাগৰিকত্ব বিলৰ সংশোধনী আনিলে। গুপ্তহত্যা কৰা প্ৰফুল্ল মহন্ত আৰু ৰাজীৱ গান্ধীয়ে সংধোনী আনিলে যে বাংলাদেশৰ পৰা যিমান বিদেশী আহিব তেওঁলোকৰ ল’৸ৰা–ছোৱালীক ভাৰতীয় বুলি মানি লোৱা হ’ব। বিদেশী ল’ৰা–ছোৱালী ভাৰতীয় হ’ল কোনেও আন্দোলন নকৰিলে। লাখ লাখ বিদেশী ৮৭ত ভাৰতীয়ৰ স্বীকৃতি পালে। ১৯৯২ চনত নৰসিমহা ৰাৱে আৰু এটা সংশোধনী আনিলে যে দেউতাকজনো যদি বিদেশী হয়, ল’ৰা–ছোৱালীক ভাৰতীয় বুলি গণ্য কৰা হ’ব। মন্তব্য মন্ত্ৰী হিমন্ত বিশ্বৰ।

‘২০০৩ চনত অটল বিহাৰী বাজপেয়ীয়ে নাগৰিকত্ব আইনৰ সংশোধনী আনিলে তৃতীয়বাৰ। বাজপেয়ীয়ে ক’লে যদি দেউতাক–মাক বাংলাদেশী হ’৸লে তেওঁলোকৰ ল’ৰা–ছোৱালী কেতিয়াও ভাৰতীয় নাগৰিক হ’ব নোৱাৰিব। কিন্তু বাজপেয়ীক ধন্যবাদ দিয়া নহ’ল। প্ৰফুল্ল মহন্ত–ৰাজীৱ গান্ধীয়ে কৰাৰ পাপ মচিলে অটল বিহাৰী বাজপেয়ীয়ে। চাচা–মামা ভাৰতীয় হ’লে কাৰো আপত্তি নাই। NRCত চাচা–মামাৰ নাম সোমালে কাৰো আপত্তি নাই, কিন্তু খুড়া–খুড়ীৰ নাম সোমালে আপত্তি।’ – মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি