• Home
  • »
  • News
  • »
  • assam
  • »
  • মই কোৱাৰেণ্টাইনত গ'লে মোৰ ঠাইত দেৱব্ৰত শইকীয়া ঘূৰি ফুৰিব লাগিব, যদি এনেকৈ তেওঁৰ লাভ হয় তেন্তে মই থাকি দিম', হিমন্ত বিশ্বৰ উত্তৰ বিৰোধী দলপতিক

মই কোৱাৰেণ্টাইনত গ'লে মোৰ ঠাইত দেৱব্ৰত শইকীয়া ঘূৰি ফুৰিব লাগিব, যদি এনেকৈ তেওঁৰ লাভ হয় তেন্তে মই থাকি দিম', হিমন্ত বিশ্বৰ উত্তৰ বিৰোধী দলপতিক

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় কোৱাৰেণ্টাইন হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় কোৱাৰেণ্টাইন হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় কোৱাৰেণ্টাইন হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছিল

  • Share this:
হাজোৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক চন্দ্ৰ দাসৰ দেহত কোৰোণা ভাইৰাছ পজিটিভ হোৱাৰ পিছতে চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত চিকিৎসজনৰ লগতে আন বহু লোকৰ সংস্পৰ্শলৈ অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোৱাৰেণ্টাইনত নথকাক লৈ সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি প্ৰকাশ কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। এতিয়া দেৱব্ৰত শইকীয়াক উভতি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মই যদি কোৱাৰেণ্টাইনত থাকিলে তেওঁৰ লাভ হয় তেন্তে  থাকি দিম। কিন্তু মই কোৱাৰেণ্টাইনত থকাৰ পিছত তেওঁ মোৰ ঠাই পূৰণ কৰিব লাগিব। বিভিন্ন ঠাই, হাস্পতাল ঘূৰি ফুৰিব  লাগিব। কোৱাৰেণ্টাইন মানে জেল নহয়। অসন্তুষ্ট বিৰোধীক সন্তুষ্ট কৰি মই কি কৰিম ৷ চিকিৎসালয়ত থকা ১৬০০ ৰোগীক সন্তুষ্ট কৰি ঘৰলৈ ওভতাই পঠোৱাটোহে মোৰ কাম ৷’

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘ বিৰোধীক লৈ এতিয়া চিন্তা কৰাৰ সময় আমাৰ হাতত নাই। যদি পূজা কৰিব লাগে শিৱলিংগত। মই শিৱলিংগত হে পুজা কৰিম বেলেগ এটা ঠাইত  কিয় পুজা কৰিম। যি দিনা দেবব্ৰত শইকীয়াৰ বেমাৰ হব সেইদিনা তেওঁকো আমি সন্তষ্ট কৰিম। কিন্তু বেমাৰ নহলে মই কাক সন্তুষ্ট কৰিম।’

পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বিশ্বনাথলৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক  সংবাদমেল যোগে এই কথা উল্লেখ কৰে।  আনহাতে বিশ্বনাথত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন, হোম কোৱাৰেণ্টাইন আৰু পজিটিভ ৰোগীৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে সেই সম্পৰ্কে চৰকাৰী বিষয়াসকলৰ লগত বিষদভাৱে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে 
First published: