• Home
  • »
  • News
  • »
  • assam
  • »
  • কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্যক কি আহ্বান জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই?

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্যক কি আহ্বান জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই?

ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ আৰু শিলচৰৰ বাবে বিশেষ উদ্যোগ!

ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ আৰু শিলচৰৰ বাবে বিশেষ উদ্যোগ!

ডিব্ৰুগড়, গুৱাহাটী, লখিমপুৰ আৰু শিলচৰৰ বাবে বিশেষ উদ্যোগ!

  • Share this:

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মঙলবাৰে এক ভিডিঅ' কনফাৰেন্সত বহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ কইনাধৰাৰ চৰকাৰী অতিথিশালাৰ পৰা ভিডিঅ' কনফাৰেন্সত বহা মুখ্যমন্ত্ৰী ড° শৰ্মাই অসমত বিমানৰ সংখ্যা বৃদ্ধি কৰা আৰু বিমান যোগাযোগৰ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷


মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু শিলচৰ বিমান বন্দৰৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰা আৰু বিমান বন্দৰ চাৰিটাৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায় ৷


ভিডিঅ' কনফাৰেন্সখনত মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় অসামৰিক পৰিবহণ মন্ত্ৰী সিন্ধিয়াক পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ হাফলঙত এটা হেলিপেড নিৰ্মাণৰো প্ৰস্তাৱ দিয়ে ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ভূমিও দিব বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক ৷ হাফলঙৰ হেলিপেডটো প্ৰস্তাৱিত নগাঁও আৰু গেলেকীৰ হেলিপেডৰ দৰে হ'ব ৷


মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙত এটা গ্ৰীন ফিল্ড এয়াৰপ'ৰ্ট নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে ৷ এই গ্ৰীন ফিল্ড এয়াৰপ'ৰ্টৰ বাবে ৰাজ্য চৰকাৰে তিনি হাজাৰ একৰ ভূমিও দিবলৈ সাজু বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক অসমৰ পৰা বিদেশলৈ বিমান সেৱা উড়ন আঁচনিৰ অধীনত আৰম্ভ কৰিবলৈ আহ্বান জনায় ৷ মঙলবাৰৰ ভিডিঅ' কনফাৰেন্সখনত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা, পৰিবহণ বিভাগৰ প্ৰধান সচিব ডা° কে কে দ্বিবেদী, বন আৰু পৰিৱেশ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী উপস্থিত আছিল ৷

Published by:Gautam Barman
First published: