• Home
  • »
  • News
  • »
  • assam
  • »
  • সাংসদ আব্দুল খালেকৰ কি আহ্বান প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

সাংসদ আব্দুল খালেকৰ কি আহ্বান প্ৰত্যাখ্যান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

আব্দুল খালেকৰ এনে দাবী আৰু আহ্বানক একপ্ৰকাৰ ভিত্তিহীন আখ্যা দিলে তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভায়ো৷

আব্দুল খালেকৰ এনে দাবী আৰু আহ্বানক একপ্ৰকাৰ ভিত্তিহীন আখ্যা দিলে তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভায়ো৷

আব্দুল খালেকৰ এনে দাবী আৰু আহ্বানক একপ্ৰকাৰ ভিত্তিহীন আখ্যা দিলে তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভায়ো৷

  • Share this:

এখন পত্ৰ ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে সামাজিক ন্যায় আৰু অধিকাৰ মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰলৈ লিখিছিল পত্ৰখন, য'ত নৈপৰীয়া অৰ্থাৎ চৰাঞ্চলত বাস কৰা লোকক অ'বিচি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আৰ্জি দিছিল সাংসদ খালেকে ৷ সাংসদ আব্দুল খালেকৰ এই আৰ্জি কেন্দ্ৰীয় মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰে সংশ্লিষ্ট বিভাগলৈ বিবেচনা কৰিবলৈ দিয়া বুলি ক'লেও আব্দুল খালেকক নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷


সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'লে আব্দুল খালেকে কৰা আহ্বান নস্যাৎ কৰা বুলি ৷ ইফালে,পূৰ্বতে আব্দুল খালেকে ম্যানমাৰত থকা ৰহিংগাৰ বাবে আত্মহত্যা কৰিম বুলি কোৱাৰ সময়ত তীব্ৰ বিৰোধিতা কৰা খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই এই প্ৰসংগতো আব্দুল খালেকক কৰি ল'লে আক্ৰমণৰ লক্ষ্য ৷ "নামনি অসমক ইছলামিক ষ্টেট কৰিবলৈও দাবী তুলিব কেতিয়াবা আব্দুল খালেকে ৷ এইবোৰ মাজে মাজে কৰি থাকি তেওঁলোকে ভাল পায়।"— মৃণাল শইকীয়া।


সাংসদ আব্দুল খালেকৰ এনে দাবী আৰু আহ্বানক একপ্ৰকাৰ ভিত্তিহীন আখ্যা দিছে তেজপুৰৰ অগপ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ আব্দুল খালেকে চৰৰ বাসিন্দাৰ বাবে অ'বিচি মৰ্যাদা বিচৰাক লৈ মুখ খুলিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ৷ তুলিৰাম ৰংহাঙৰ মতেও এনে কিছু আহ্বান বা দাবীৰ ভিত্তি নিয়মৰ মাজেৰেহে পালন হয় ৷

Published by:Gautam Barman
First published: