আজি সদন ত্যাগ কৰিলে ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক কমলাক্ষ দে আৰু ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ভিজন ডকুমেণ্টৰ প্ৰসংগক লৈ প্ৰশ্ন কৰিছিল বিৰোধীয়ে। ভিজন ডকুমেণ্টৰ আলোচনা বিধানসভাত নহয় বুলি হিমন্তই মন্তব্য কৰাৰ পিছতে ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্থই মন্ত্ৰীজনৰ মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰে। লগে লগে হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী কংগ্ৰেছ দলৰ বিধায়ককে বিধানসভাৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে কংগ্ৰেছ বিধায়কসকল। পিছত হুলস্থূলীয়া পৰিৱেশৰ মাজত বিধানসভা স্থগিত ৰাখে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
সোমবাৰে ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকলৰ প্ৰসংগতো উত্তাল হৈ পৰে সদন।টেট শিক্ষকক লৈ ৰাজনীতি নকৰিবলৈ বিৰোধীক সকীয়নি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। টেট শিক্ষকৰ লগত ইতিমধ্যে আলোচনা হৈছে আৰু এই আলোচনাত ফলপ্ৰসূ সিদ্ধান্ত হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে।
পিছত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ১৫ মিনিটৰ বাবে স্থগিত ৰাখে সদন। সদন স্থগিতৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অধ্যক্ষৰ নিৰপক্ষ ভূমিকাত শলাগ ল’লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অধ্যক্ষই পক্ষপাতিত্ব কৰা বুলি সদনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক গৰিহণা দেৱব্ৰত শইকীয়াৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|