মুখ্যপৃষ্ঠা »খবৰ »অসম »চিকিৎসালয়ত চিকিৎসক নাথাকিলে দিয়া হ’ব FIR!

চিকিৎসালয়ত চিকিৎসক নাথাকিলে দিয়া হ’ব FIR!

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য–30 ছেপ্তেম্বৰলৈকে ছুটি বাতিল চিকিৎসক–স্বাস্থ্যকৰ্মীৰ!

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য–30 ছেপ্তেম্বৰলৈকে ছুটি বাতিল চিকিৎসক–স্বাস্থ্যকৰ্মীৰ!

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য–30 ছেপ্তেম্বৰলৈকে ছুটি বাতিল চিকিৎসক–স্বাস্থ্যকৰ্মীৰ!

  • Share this:
    দিছপুৰস্থিত জনতা ভৱনত ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শণিবাৰে সম্বোধন কৰিলে সংবাদমেল। সংবাদমেলত জাপানীজ এনচেফেলাটিছ সন্দৰ্ভত মন্তব্য মন্ত্ৰীগৰাকীৰ।  এতিয়ালৈকে সংগ্ৰহ কৰা হৈছে  ১২.৮ লাখ লোকৰ তেজৰ নমুনা। এনচেফেলাইটিছ, AESৰ চিকিৎসা বিনামূলীয়া হ’ব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। সেইদৰে এতিয়াৰ পৰা তেজৰ প্ৰতিটো পৰীক্ষাত ওপৰঞ্চি পাব ৫ টকাকৈ।লগতে এনচেফেলাটিছ ৰোগীয়ে লাভ কৰিব বিনামূলীয়া ঔষধ, বিনামূলীয়াকৈ ICUৰ চিকিত্‍সা সেৱাও লাভ কৰিব ৰোগীয়ে। তাৰ সমান্তৰাল ভাৱে জাপানীজ এনচেফেলাটিছ ৰোগত আক্ৰান্ত হৈ ব্যক্তিগত চিকিত্‍সালয়ত চিকিৎসাধীন হ’লে ৰাজ্য চৰকাৰে দিব ১ লাখ টকা পৰ্যন্ত সাহাৰ্য। সেইদৰে ৰাইজক আতংকিত ন’হবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰীৰ।

    ইয়াৰ উপৰিও ছেপ্টেম্বৰলৈ চিকিৎসক– চিকিৎসা কৰ্মীৰ বাতিল কৰা হৈছে সকলো ধৰণৰ ছুটি। দায়িত্বত নিয়োজিত স্থানতে থাকিব লাগিব চিকিত্‍সক সকলো। নিযুক্ত স্থানত নাথাকিলে এতিয়াৰ পৰা অপৰাধ বুলি গণ্য হ’ব বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। লগতে প্ৰত্যাহাৰ কৰা হৈছে MPW সংলগ্ন নিযুক্তি প্ৰক্ৰিয়া। সংলগ্ন নিযুক্তিৰ নিৰ্দেশৰ বিৰুদ্ধে হ’ব তদন্ত।

    30 ছেপ্তেম্বৰলৈকে ছুটি বাতিল চিকিৎসক–স্বাস্থ্যকৰ্মীৰ! ফলত দৰমহাৰ ওপৰিও চিকিত্‍সা কৰ্মীয়ে পাব অতিৰিক্ত ধন। এমুলেঞ্চেৰে অহা ৰোগীক যোৱাৰ সময়ত ১০০০ টকা।

    শেহতীয়া বাতৰি