• Home
  • »
  • News
  • »
  • assam
  • »
  • ''থাওৰা সমষ্টিত নিৰ্মাণ হ'ব এখন চিকিৎসা মহাবিদ্যালয়''- থাওৰাত উপ–নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী, দিলে আন প্ৰতিশ্ৰুতিও

''থাওৰা সমষ্টিত নিৰ্মাণ হ'ব এখন চিকিৎসা মহাবিদ্যালয়''- থাওৰাত উপ–নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী, দিলে আন প্ৰতিশ্ৰুতিও

নৱেম্বৰ মাহৰ পৰা মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ৰেহাই দিয়াৰ ব্যৱস্থা

নৱেম্বৰ মাহৰ পৰা মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ৰেহাই দিয়াৰ ব্যৱস্থা

নৱেম্বৰ মাহৰ পৰা মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ৰেহাই দিয়াৰ ব্যৱস্থা

  • Share this:

থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ আজি উপনিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। থাওৰা সমষ্টিৰ মুঠ ছখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিবাসীক বহুকেইটা প্ৰতিশ্ৰুতি দিয়ে।


বকতা খামুন আৰু বকতা নেমুগুৰি কোঁৱৰটিং খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা নৱেম্বৰ মাহৰ পৰা মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব।


ইয়াৰ লগতে বকতাৰ ঐতিহাসিক বাখৰ বেঙেনা বৃক্ষৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে বকতা বৰ দেওধাইশালৰ উন্নয়নৰ বাবে ১ কোটি টকা ঘোষণা কৰে মুুখ্যমন্ত্ৰীগৰাকীয়ে।


আনহাতে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব বুলিও মন্তব্য কৰে। চেপন চূণপোৰা পথত থকা দিচাং নৈৰ দলংখন নতুনকৈ নিৰ্মাণ কৰাৰ লগতে বকতা লাখমণি ঘাটতো দিচাং নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে৷

Published by:Gautam Barman
First published: