হাগ্ৰামা মহিলাৰীক জে’ললৈ প্ৰেৰণৰ ভাবুকি দি নিজেই নিৰ্বাচনী আয়োগৰ ৰোষত পৰিল হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী সভা, সমদল, পদযাত্ৰা, ৰোড শ্বো, সাক্ষাৎকাৰ আৰু ছপা, ইলেক্ট্ৰনিক আৰু ছচিয়েল মিডিয়াত নিৰ্বাচন সংক্ৰান্তীয় কোনো মন্তব্য কৰিব নোৱাৰিব।
হাগ্ৰামা মহিলাৰীক জে’ললৈ প্ৰেৰণৰ ভাবুকি দি নিজেই নিৰ্বাচনী আয়োগৰ ৰোষত পৰিল হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী সভা, সমদল, পদযাত্ৰা, ৰোড শ্বো, সাক্ষাৎকাৰ আৰু ছপা, ইলেক্ট্ৰনিক আৰু ছচিয়েল মিডিয়াত নিৰ্বাচন সংক্ৰান্তীয় কোনো মন্তব্য কৰিব নোৱাৰিব।
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা দেশৰ মুখ্য নিৰ্বাচনী আয়োগৰ। ৪৮ ঘণ্টাৰ বাবে সকলোধৰণৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে নিৰ্বাচনী আয়োগে। । ৬ এপ্ৰিলত ভোটগ্ৰহণ হ’বলগা নিজৰ জালুকবাৰী সমষ্টিটো প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই।
আয়োগৰ নিৰ্দেশ ঘোষণাৰ মূহূৰ্তৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা, সমদল, পদযাত্ৰা, ৰোড শ্বো, সাক্ষাৎকাৰ আৰু ছপা, ইলেক্ট্ৰনিক আৰু ছচিয়েল মিডিয়াত নিৰ্বাচন সংক্ৰান্তীয় কোনো ধৰণৰ মন্তব্য কৰিব নোৱাৰিব।
হাগ্ৰামা মহিলাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ ভাবুকি দি নিজেই নিৰ্বাচনী আয়োগৰ ৰোষত পৰিল হিমন্ত বিশ্ব শৰ্মা। NIA লগাই হাগ্ৰামাক জেললৈ প্ৰেৰণৰ ভাবুকি দিছিল হিমন্ত বিশ্বই।কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত শুকুৰবাৰে বিয়লি ৫ বজাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দি হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল নিৰ্বাচন আয়োগে। কিন্তু নিজৰ উত্তৰত কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছিল মন্ত্ৰীগৰাকীয়ে।
হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰত সন্তুষ্ট নহৈ নিৰ্বাচন আয়োগে মন্ত্ৰীগৰাকীৰ ভাষ্যই নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰিছে বুলি মন্তব্য কৰি শুকুৰবাৰে সন্ধিয়া তৎকালীনভাবে বলৱৎ হোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ সকলোধৰণৰ প্ৰচাৰ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|