ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলক সমালোচনাৰে থকাসৰকা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহাজোঁটৰ চৰকাৰ হ'লে আজমলে মহিলা সকলক সন্তান জন্ম দিয়া মেচিন বনাব বুলি মন্তব্য কৰে হিমন্ত বিশ্বই।
সোমবাৰে ৰহাত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী বিষ্ণু দাস আৰু বঢ়মপুৰত বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাত কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্বই কয়-যাৰ মাল বেয়া সিয়েহে গেৰাণ্টী দিয়ে।
ইপিনে অগপৰ সভাপতি অতুল বৰাইও তীক্ষ্ণ সমালোচনা কৰে মহাজোঁটক। মহাজোঁটত জঁট লগিছে বুলি কটাক্ষ কৰি কংগ্ৰেছক তলা মাৰি আজমলে ছাবিটো পকেটত ভৰাই থৈছে বুলি তীৰ্যক মন্তব্য কৰে অগপৰ সভাপতিগৰাকীয়ে।
বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী দুখীয়া মহিলাক অৰুণোদয় আঁচনিত তিনি হাজাৰ টকা দিয়াৰ লগতে আত্মসহায়ক গোটক দুই লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ইমানেই নহয় যুৱকসকলক গেৰুৱা ৰঙৰ বুলেট দিব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|