শুকুৰবাৰে লখিমপুৰত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য, গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লখিমপুৰত বৰ্তমান নিৰ্মীয়মান অৱস্থাত থকা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ উদ্যোগত ১,১০০ গৰাকী ছাত্ৰ–ছাত্ৰীৰ দ্বাৰা ১,১০০ ঔষধি বৃক্ষৰোপণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ড০ শৰ্মাই। সভাত ড০ শৰ্মাই ২০২০ চনৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব বুলি জানিবলৈ দিয়ে। সেইদৰে আগন্তুক দিনত ৰাজ্যৰ গড়কাপ্টানীৰ নিৰ্মাণকাৰ্যত বাধ্যতামূলক হ’ব বৃক্ষৰোপণ। লখিমপুৰত সেউজী ধৰা বিনন্দীয়া শ্লোগানেৰে হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই ১,১০০ ঔষধি আঁচনি ৰোপণৰ অভিলাষী আঁচনি।
Published by: Dulu Medhi
FIRST PUBLISHED : June 29, 2019, 07:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।