মই ক’লা নহয় কেৱল বগা ৰঙটোহে দেখা পাওঁ কাৰণ মোৰ মনটো বগা! ক’লা পতাকা দেখুৱাই ৩১জন আটক হোৱাৰ পিছতে হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:January 21, 2020, 5:56 PM IST
মই ক’লা নহয় কেৱল বগা ৰঙটোহে দেখা পাওঁ কাৰণ মোৰ মনটো বগা! ক’লা পতাকা দেখুৱাই ৩১জন আটক হোৱাৰ পিছতে হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া
ফাইল ফটো

  • Share this:
ক’লা পতাকা দেখুৱাই লাভ নাই মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক! কাৰণ মন্ত্ৰীয়ে কৈছে তেওঁৰ মন বগা আৰু তেওঁ ক’লা ৰঙটো সেইকাৰণে দেখা নাপায়। কেৱল বগা ৰঙহে চকুত পৰে। সাংবাদিকে কোৱাতহে হেনো ধৰিব পাৰে পতাকাৰ ৰং ক’লা নে বগা! ‘কা’ ৰ সমৰ্থনত আয়োজন কৰিবলগীয়া সভাৰ প্ৰস্তুতিৰ কাৰণে  আজি বোকাখাটত ৫ মন্ত্ৰী আৰু বিধায়কে অগপ,বিজেপি,গণ শক্তিৰ লগত এক বৈঠকত মিলিত হয়  ৷ এই সভালৈ অহাৰ পথত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে কলা পতাকা প্ৰদৰ্শন কৰাত আৰক্ষীয়ে ৩১ জন প্ৰতিবাদকাৰীক আটক কৰে ৷ তাৰ পিছত সেই সম্পৰ্কত ডঃ শৰ্মাৰ সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া, মই সকলো বগাহে দেখো, ক’লা নেদেখো’।

উল্লেখযোগ্য যে উজনি অসমত ‘কা’ৰ সমৰ্থনত সমাৱেশ অনুষ্ঠিত কৰিবলৈ কঁকালত টঙালী বান্ধিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৷ অহা ২৪ জানুৱাৰীত বোকাখাটৰ পৰা এই যাত্ৰা আৰম্ভ হব ৷ উল্লেখ্য যে, ‘কা’ৰ সমৰ্থনত মিত্ৰজোঁটে আৰম্ভ কৰা শান্তি সমদলৰ নাম সলনি হ’ল ৷ এতিয়াৰ পৰা ইয়াৰ নাম হ’ব সংকল্প সমাৰোহ ৷ বোকাখাটত অনুস্থিত হব লগা প্ৰথমখন সংকল্প সমাৰোহ সফল কৰাৰ বাবে ব্যস্ত হৈ পৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা,অতুল বৰা,কেশৱ মহন্ত,নব কুমাৰ দলে,পীয়ুষ হাজৰীকা আৰু মৃণাল শইকীয়া ৷ আজি বোকাখাতত ৫ মন্ত্ৰী আৰু বিধায়কে অগপ,বিজেপি,গণ শক্তিৰ লগত এক সভাত মিলিত হয় ৷ বৈঠকৰ পৰা সংকল্প সমাৰোহত লক্ষাধিক লোকক অংশগ্ৰহণ কৰোৱাৰ আহ্বান জনোৱা হয়। বোকাখাটৰ সংকল্প সমাৰোহ সফল হ’লে উজনিৰ অন্যান্য ঠাইলৈ যাব মিত্ৰজোঁট।
Published by: Tulika Devi
First published: January 21, 2020, 5:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading