১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত খুলিব পাৰে বিদ্যালয়, কিন্তু কেৱল এই কেইটা শ্ৰেণীৰ বাবেহে বিদ্যালয়ত পাঠদানৰ সুবিধা

News18 Assam | News18-Assam
Updated:August 1, 2020, 1:06 PM IST
১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত খুলিব পাৰে বিদ্যালয়, কিন্তু কেৱল এই কেইটা শ্ৰেণীৰ বাবেহে বিদ্যালয়ত পাঠদানৰ সুবিধা
জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

  • Share this:
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। শেহতীয়া ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু ৰাজ্যৰ বিদ্যালয় খোলাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদমেলত বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চা আৰম্ভ। কিন্তু এয়া মন্ত্ৰীগৰাকীৰ মতে মানসিক প্ৰস্তুতিহে। চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰই। কিন্তু বিদ্যালয় খোলাৰ আগত প্ৰতিগৰাকী চৰকাৰী শিক্ষাগুৰু, কৰ্মচাৰীয়ে বাধ্যতামূলক কোভিড পৰীক্ষা কৰিব লাগিব।

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা-


  • ১ ছেপ্তেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চা আৰম্ভ।

  • কিন্তু ৪ৰ্থ শ্ৰেণীলৈ ছেপ্তেম্বৰ মাহতো বন্ধ থাকিব পাঠদান।

  • ৫, ৬, ৭, ৮ শ্ৰেণীৰ শিক্ষাৰ্থীক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰলৈ আনিব নোৱাৰিব। ৪টা স্থানত মুকলি পথাৰত শিক্ষা দান কৰিব লাগিব। ১৫জন কৈ ছাত্ৰ-ছাত্ৰী থাকিব লাগিব এটা গ্ৰুপত।

  •  নৱম  আৰু একাদশ শ্ৰেণীৰ পাঠদান বিদ্যালয়ত আৰম্ভ হ'ব। সপ্তাহত ২ দিন তেঁওলোকৰ পাঠদান হ'ব।


  • ১০, ১২ শ্ৰেণীৰ সপ্তাহত ৪ দিন পাঠদান হ'ব। ৩ ঘণ্টা পাঠদান কৰিব লাগিব।

  • ৰেগুলাৰ শিক্ষক, টেট উত্তীৰ্ণ বা কোনো উচ্চ শিক্ষা সম্পন্নৰ জৰিয়তে প্ৰধান শিক্ষকে পাঠদান কৰাব পাৰিব।

  • ব্যক্তিগত বিদ্যালয়েও এই ব্যৱস্থা কৰিব পাৰিব। নগৰ বা গ্ৰাম্য সকলোতে এয়া কৰিব পাৰিব।

Published by: Himangshu Bhuyan
First published: August 1, 2020, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading